Breaking

নগাঁৱৰ কভিড আক্ৰান্ত মহিলাৰ মৃত্যু: স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আত্মীয়ই

0 2,034

নগাঁও চহৰৰ মিলনপুৰৰ কভিড আক্ৰান্ত সুনীতি শইকীয়া বৰা নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱতি লোৱাৰ পিচতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সোচ্ছাৰহৈ পৰিছে মহিলা গৰাকীৰ আত্মীয়।উল্লেখযোগ্য যে এই মহিলা গৰাকী আৰু তেওঁৰ স্বামী হিতেশ্বৰ বৰা তথা দুই শিশু কণ্যা কভিড আক্ৰান্ত হৈছিল।প্ৰথম অৱস্থাত তেওঁলোক হোম কোৱাৰেন্টাইনত আছিল।যোৱা ২০ এপ্ৰিলত সুনীতি শইকীয়া বৰাৰ শাৰীৰিক অৱনতি ঘটাত তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়স্থিত কভিড চিকিৎসালয়লৈ স্বামী হীতেশ্বৰ বৰাই লৈ আনিছিল।কিন্তু সেইদিনা পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজা পৰ্যন্ত চিকিৎসকৰ সাক্ষাৎ নোপোৱাত পত্নী আৰু শিশু কণ্যাদ্বয়সহ হীতেশ্বৰ বৰা ঘৰলৈ উভতি গৈছিল।ইয়াৰ পিচতেই হীতেশ্বৰ বৰা আৰু তেওঁৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত সংবাদমাধ্যমত স্বাস্থ্য বিভাগৰ গাফিলতিৰ সম্পৰ্কত  বাতৰি প্ৰকাশ পাইছিল।তদুপৰি মহিলা গৰাকীৰ ভাগিনীয়েক বিৰিঞ্চি বৰাই স্বাস্থ্য বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক অভিযোগ দিয়ে।ইয়াৰ পিচতেই অসুস্থ মহিলাগৰাকীক কালাপাহাৰস্থিত কভিড হস্পিতেললৈ নগাঁৱৰ পৰা প্ৰেৰণ কৰা হয়।কিন্তু যাত্ৰা পথতে কালি নিশা মহিলা গৰাকীৰ মৃত্যু হয়।জানিব পৰামতে মহিলা গৰাকী বৃক্কজনিত ৰোগতো ভুগি আছিল।সুনীতি শইকীয়া বৰাৰ মৃত্যু স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে হোৱা বুলি মৃত্যু বুলি অভিযোগ কৰিছে তেওঁৰ ভাগিনীয়েক বিৰিঞ্চি বৰাই।সামাজিক মাধ্যমতো তেওঁ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।কভিডেৰে যুঁজ দিবলৈ স্বাস্থ্য বিভাগৰ কোনো ব্যৱস্থাপনাই নাই বুলিও সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে মৃত মহিলা গৰাকীৰ আত্মীয়ই।

Leave A Reply

Your email address will not be published.