Breaking

কভি’ড বিধি নামানি জামুগুৰিহাটত একাংশ টিঘিলঘিলনি

0 2,037

কভি’ডৰ দ্বিতীয়টো লহৰে জামুগুৰিহাটো সংহাৰ ৰূপ ধাৰণ কৰিছে যদিও অসম চৰকাৰ তথা স্বাস্থ্য বিভাগৰ ফালৰ পৰা জাৰি কৰা নতুন নিদেৰ্শনা সমূহ এতিয়াও পালন কৰা নাই একাংশ লোকে। জিলা প্ৰশাসনৰ এই নীতি নিয়ম সমুহৰ প্ৰতি যেন জামুগুৰিহাটো একাংশ লোকে আংগুষ্ঠ প্ৰদৰ্শন কৰাহে দেখা গৈছে। জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্হলকে ধৰি অঞ্চলটোৰ কুসুমটোলা,গমিৰিপাল,ইটাখোলা,ধলাইবিল, টুপিয়াকে ধৰি প্ৰায় বোৰ সৰু বৰ ব্যৱসায়িক কেন্দ্ৰস্হলত উপস্থিত হোৱা ৭০শতাংশ লোকই মাস্ক পৰিধান নকৰোতেই যোৱা দুটা দিনত পৰিলক্ষিত হৈছে। কোনো কোনো লোকে মাস্ক খন পিন্ধিব লাগে বুলি পিন্ধিছে যদিও মাস্কখনে মুখ আৰু নাক ধকাৰ সলনি থুতৰিতহে ওলমি থকা দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ ফালৰ পৰা মাস্ক নিপিন্ধিলে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও জিলা প্ৰশাসনৰ এই নিৰ্দেশৰ প্ৰতি যে কোনো ধূক্ষেপেই কৰা নাই একাংশ যুৱকে।কভি’ডৰ দ্বিতীয়টো ঢৌত এতিয়ালৈকে জামুগুৰিহাটৰ ১৩জনৰো আধিক লোক কভি’ড -১৯ আক্ৰান্ত হৈছে। ইয়াৰে ডেকাসুন্দৰ গাঁওত ৯জন,শান্তিপুৰত ৩জন আক্ৰান্ত হোৱাৰ বিপৰীতে দীপাটোলাত এজন লোক আক্ৰান্ত হৈছে। আৱশ্যে ৰপিড এন্টিজেন টেষ্টৰ দ্বাৰা অঞ্চলটোত হয়তু আৰু অধিক লোকক দেহত কভি’ড ১৯উপস্থিতি ধৰা পৰিব বুলি স্বাস্থ্য কৰ্মী সকলে আশংকা প্ৰকাশ কৰিছে। ইমানৰ পিছতো জামুগুৰিহাটত একাংশ লোকে কভি’ডৰ নিয়মাৱলী পালন নকৰি টিঘিলঘিলনি কৰি ফুৰাটো সচেতন ৰাইজৰ  দৃষ্টি আকৰ্ষণ হৈছে। সেয়েহে এই ক্ষেত্ৰত জামুগুৰি আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ইফালে কভি’ডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰিহাটৰ কেইবাখনো বিহু সন্মিলন বাতৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিহু কমিটিয়ে।

Leave A Reply

Your email address will not be published.