Breaking

আজাৰাত কভিড ভেকচিনৰ সজাগতা সভা

0 124

আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি ক’ভিড ভেকচিনৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে মহকুমা স্বাস্থ্য বিষয়া ডা: ধ্ৰুৱজ্যোতি বৰুৱাই আৰু উদ্দেশ্য বাখ্যা কৰে বি.চি.অ’ নৱজিৎ বৰ্মনে। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কামৰূপ জিলাৰ ডি.আই.অ’ ডা: যুগল চন্দ্ৰ দাসে কয় যে ক’ভিডৰ সংক্ৰমণ এতিয়াও বিশ্বজুৰি অব্যাহত আছে।

যাৰবাবে উপযুক্ত প্ৰতিগৰাকী লোকে কভিড ভেকচিন লোৱা প্ৰয়োজন। ইতিমধ্যে এপালি ভেকচিন লৈ যিসকলে দ্বিতীয় পালি বা দ্বিতীয় পালি লৈ তৃতীয় পালি লোৱা নাই সেই সকল লোকক ভেকচিন লবলৈ আহ্বান জনায় । সভাত বিপিএম যুগস্মীতা শইকীয়াই কভিড ভেকচিনৰ লগতে নিয়মীয়া টিকাকৰণৰ ওপৰত বাখ্যা আগবঢ়াই ।

Leave A Reply

Your email address will not be published.