প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।”” সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ অহৰহ কস্ত কৰি আহিছে।আৰু জনসাধাৰণক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ টীকাকৰণৰ বাধ্যতামূলক কৰিছে যদিও।ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত ক’ভিড ভেকচিনৰ নাটনি দেখা গৈছে।সীমিত সংখ্যকে পাই দৈনিক ভেকচিন, বহু সংখ্যকে নিতৌ পুৱা ৫ বজাৰে পৰা দিঘলীয়া শাৰিত অপেক্ষা কৰি ভেকচিন নাপাই ঘূৰি যাৱ লগা হৈ পৰিছে।নাই কনো মাস্ক পাৰিধান নাই কনো সামাজিক দূৰত্ব প্ৰায় ৩০০ জনীয়া শাৰী পাতি ভেকচিন নাপাই উলটি যাৱ লগা হোৱাত ক্ষোভিত হৈ পৰিছে জনসাধাৰণ।
সেয়েহে অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ কাতৰ আহ্বান জনাই যে অতিশীঘ্ৰেই খৈৰাবাৰীৰ সামুহিক স্বাস্থ্যকেন্দ্ৰৰ ভেকচিন নাটনিৰ সমস্যা দূৰ কৰিবলৈ আহ্বান জনাই সচেতন ৰাইজে।