এই দেশত গৰুক দেৱতা হিচাপে পূজা কৰা হয়; গতিকে গৰু বধ বা গৰুৰ ওপৰত কোনো অত্যাচাৰ হ’লে ভগৱানে আমাক ক্ষমা নকৰেঃ উচ্চ ন্যায়ালয়

বহু গৰু বুঢ়া হ’লে ৰাজপথত এৰি দিয়া হয়। এই সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাটৰ উচ্চ ন্যায়ালয়ত পথত গৰু দুৰ্ঘটনাগ্ৰস্থৰ সংখ্যা অধিক বুলি যুক্তি দিয়া হৈছে। শুকুৰবাৰে আনুষংগিক গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ আশুতোষ শাস্ত্ৰী আৰু ন্যায়াধীশ হেমন্ত প্ৰচ্চাই ৰাস্তাত মৰা গৰু পৰি থকাটো পৰ্যবেক্ষণ কৰে।

দৰাচলতে কিছুদিন পূৰ্বে খেৰা জিলাতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। সেই উদাহৰণ লৈ গুজৰাট উচ্চ ন্যায়ালয়ে ক’লে, “ভগৱানে আমাক ইয়াৰ বাবে ক্ষমা নকৰে। মানুহৰ ‘আৰাম’ৰ বাবে জীৱ-জন্তু হত্যা কৰাটো অপৰাধ। আনকি তেওঁলোকৰ শৰীৰ তাত পৰি থকাটোও উচিত নহয়।”

মোডী ৰাজ্যত বয়স্ক গৰুৰ সংখ্যা দিনক দিনে ইমানেই বাঢ়িছে যে তেওঁলোকক ৰখাটো কঠিন হৈ পৰিছে বুলি চৰকাৰে আদালতত জনায়। ইয়াৰ পূৰ্বে সমগ্ৰ গুজৰাটত ‘বিপথগামী’ গৰু-ম’হৰ আক্ৰমণৰ দৰে ঘটনাৰ বাবেও ৰাজ্য চৰকাৰ আৰু প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু হৈছিল।

আৱেদনত ৰাজ্যত যান-বাহন আইন বলবৎ নকৰাৰ ওপৰতো আলোকপাত কৰা হৈছে। আদালতৰ সমালোচনাৰ সন্মুখীন হ’ল গুজৰাট চৰকাৰো। আদালতে প্ৰশ্ন উত্থাপন কৰে যে কিয় গৰু-ম’হৰ সঠিক ব্যৱহাৰ কৰা হোৱা নাই।

মন কৰিবলগীয়া যে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, গুজৰাট, হাৰিয়ানা আদি ৰাজ্যৰ উপৰিও ভাৰতৰ বহু ৰাজ্যত গৰু বধ নিষিদ্ধ।

Related Articles