ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ সহ আটক দুৰ্ধৰ্ষ অপৰাধী…

ৰঙিয়া আৰক্ষীয়ে ধাৰাবাহিক ভাবে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে আজি পুণৰ ড্ৰাগছ সহ এজন যুৱক আৰু এগৰাকী মহিলাক আটক কৰে ।ড্ৰাগছ সৰবৰাহকাৰী জনৰ ঘৰৰ পৰা আৰক্ষীয়ে৮ গ্ৰাম ড্ৰাগছ সহ এখন স্কুতি আৰু নগদ ধন ৭০০০ জব্দ কৰে ।

ৰঙিয়া আৰক্ষীয়ে এক গোপন সুত্ৰৰ আধাৰত উদিয়ানা গাওঁৰ পৰা আটক কৰে ড্ৰাগছ ব্যৱসায়ী জন আৰু ব্যৱসায়ী গৰাকীৰ আইতাকক ।আটকাধীন যুৱক জনৰ পৰা ৮ গ্ৰাম ড্ৰাগছ লগতে ১২৩ টা কণ্টেইনাৰ উদ্ধাৰ কৰে ৰঙিয়া আৰক্ষীয়ে ৷

ধৃত ড্ৰাগচ সৰবৰাহকাৰী জন হল ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত উদিয়ানা গাওঁৰ মজনুৰ আলী আৰু আইতাক হাছিনা খাতুন ।উল্লেখযোগ্য যে মজনুৰ আলী নামৰ এই দুৰ্ধৰ্ষ অপৰাধী জনৰ বিৰুদ্ধে বহুতো অপৰাধজনীত গোচৰ ৰুজু হৈ আছিল ।

আটকাধিন যুৱকজনক আৰক্ষীয়ে সোধপোচ অব্যহত ৰাখিছে ।জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ।

Related Articles