Breaking

২০২৩ ত ৬৩ হাজাৰলৈ কমিল অপৰাধমূলক গোচৰ…

0 43

২০২৪ বৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কাকত-চেনেলৰ সম্পাদকসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে চৰকাৰে বহু ভূমি দখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ২০২৩ বৰ্ষত ৰাজ্যৰ ৫ হাজাৰ বনভূমি মুক্ত কৰা হৈছে হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে ২০২৩ত ৬৩ হাজাৰলৈ কমিল অপৰাধমূলক গোচৰৰ সংখ্যা। একেদৰে সেই বছৰটোত ১০৩জন দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ আৰু ৪.৩৩ কোটি টকা জব্দ কৰা হৈছে। ৰাজ্যত পথ দুৰ্ঘটনাৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পূৰ্বৰ বছৰৰ তুলনাত দুৰ্ঘটনাৰ সংখ্যা ৩% বাঢ়িছে, কিন্তু ডিচেম্বৰ মাহত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে বুলিও তেওঁ উল্লেখ কৰে। ২০২৩ চনত ২ লাখ ২৬ হাজাৰ লোকক ভূমি দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে।/ অসমত নতুনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও তেওঁ কয়। ৰাজ্যত ২০২৩ চনত ১৬৪ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে এনে কৰ্মৰ সৈতে জড়িত ৫ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত উল্লেখ কৰে। সীমাবিবাদ নিষ্পত্তিৰ দিশত ২০২৩ চনত চৰকাৰে গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰা বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ২০২৪ চনত নতুন মেডিকেল কলেজ আৰম্ভ কৰাৰ লগতে চাহ বাগিচাতো বিদ্যালয় স্থাপন কৰা হ’ব বুলি তেওঁ কয়। দুই এদিনৰ ভিতৰত ২০০ খন বিদ্যালয়ৰ কাম আৰম্ভ হব।পৰেশ বৰুৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে পৰেশ বৰুৱাৰ লগত মই কথা পাতি থাকোঁ।


তেওঁ অসমলৈ আহিলে গম পাব ক’ত কি সমস্যা হৈ আছে।আজি নহয় কাইলৈ হ’লেও আমি ৰিজাল্ট পাম। কাৰোবাৰ লগত পৰেশ বৰুৱাই কথা পাতিলে তেওঁক ট্ৰেক কৰিব নালাগে বুলি মই পুলিচক কৈ থৈছোঁ বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Leave A Reply

Your email address will not be published.