✍ হিৰুমণি শৰ্মা
অসমীয়া ভাষা অসমৰ উত্তৰ পূব প্ৰান্তৰ এটা অতি শক্তিশালী ভাষা। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি চৰকাৰীভাৱে স্বীকৃত অসমীয়া ভাষা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক সংযোগী ভাষা হিচাপেও প্ৰচলিত হৈ আছে। এক স্বকীয় ভাষা শৈলীৰে জোনাকী যুগৰ পৰা আজিৰ অৱস্থাত উপনীত হোৱা অসমীয়া ভাষাৰ ভৱিষ্যত বোৱতী নদীৰ দৰেই বহ্নিমান। তথাপি গোলকীকৰণৰ যুগত অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন উথাপন নোহোৱাকৈ থকা নাই। উল্লেখযোগ্য কথা যে, ৰাষ্ট্ৰসংঘত ব্যৱহৃত চাৰিটা ভাষা (ইংৰাজী, স্পেনিছ, জাৰ্মান আৰু ফৰাচী) আৰু চীন দেশৰ ভাষা মাণ্ডাৰিণৰ বাহিৰে পৃথিৱীৰ বেছিভাগ ভাষাই পৰম সংকটৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰসংঘৰ ভাষা বিজ্ঞানীসকলৰ গৱেষণালব্ধ প্ৰতিবেদন অনুসৰি যোৱা ১৯৫০ চনৰ পৰা ২০১০ চনলৈকে ৬০টা বছৰৰ ভিতৰত ২৩০টা ভাষাৰ মৃত্যু ঘটিছে। ইয়াৰ প্ৰধান কাৰণ হ’ব পাৰে ভাষা কোৱা লোকৰ সংখ্যা কমি যোৱা। এক শ্ৰেণীৰ গৱেষকে মত প্ৰকাশ কৰিছে যে, ৫০ বছৰৰ পাছত ভাৰতত অকল হিন্দী আৰু তামিল ভাষা দুটাহে জীয়াই থাকিব। অসমীয়া ভাষা সম্প্ৰতি গভীৰ সংকটৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। সময়ৰ পৰিৱৰ্তন, বিশ্বায়ণৰ প্ৰত্যক্ষ প্ৰভাৱ, ঔদ্যোগিক বিকাশ আদিয়ে আমাৰ অজ্ঞাতেই ভাষাটোৰ ওপৰত পৰোক্ষভাৱে প্ৰভাৱ পেলাই। অসমীয়া ভাষাৰ ৰূপটোলৈ লক্ষ্য কৰিলে দেখা যায় যে উপৰোক্ত পৰিৱৰ্তনে অসমীয়া ভাষাৰ দুয়োটা ৰূপলৈ (কথিত আৰু লিখিত) ভাবুকি কঢ়িয়াই আনিছে। কেইবাটাও প্ৰধান কাৰণত অসমীয়া ভাষা-সাহিত্য সম্প্ৰতি গভীৰ সংকটৰ সন্মুখীন হৈছে।বৰ্তমান সময়ত অসমীয়া ভাষাৰ ব্যৱহাৰৰ দিশটোলৈ মন কৰিলে দেখা যায় যে, অসমীয়া ভাষা-ভাষীৰ সংখ্যা ডেৰ কোটি হোৱা সত্ত্বেও ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা ক্ষেত্ৰতে অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ কাৰো সদিচ্ছা নাই। সাধাৰণ এখন দৰ্খাস্ত দিবলগা হ’লেও অসমীয়াত লিখাটো লজ্জাজনক কথা হৈ পৰে। মুঠৰ ওপৰত অফিছ-কাছাৰী সকলোতে অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰা এটা অৱস্থাই গা কৰি উঠিছে। যাৰ ফলত অসমীয়া ভাষাই হেৰুৱাইছে নিজৰ আত্মমৰ্যাদা। অসমীয়া ভাষাৰ আন এক দুৰ্যোগৰ বাট কঢ়িয়াই আনিছে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে। শিক্ষা দানত ইংৰাজী ভাষাৰ আগ্ৰাসনে, অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা দেখা যায়। ছাত্ৰ-ছাত্ৰীৰ মাজত নিজৰ ভাষাটোৰ প্ৰতি থকা শ্ৰদ্ধাৰ অভাৱত আমি বছৰি বছৰি হাজাৰ অসমীয়া ভাষাৰ পঢ়ুৱৈ, অসমীয়া ভাষাৰ গঠনমূলক সমালোচক হিচাপে হেৰুৱাইছো। নিজৰ জাতি, সংস্কৃতি, সাহিত্যৰ কোনো আভাস নথকা পাঠ্যপুথিৰ ব্যৱস্থাইও ছাত্ৰ-ছাত্ৰীক মাতৃভাষানুৰাগী কৰি তুলিব পৰা নাই। অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানসমূহেও অসমীয়া ভাষাৰ শুদ্ধতা নিৰ্ণয়ৰ ক্ষেত্ৰত যিমান সচেতনতা আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নাযায়। অসমীয়া ভাষা সাহিত্যক বিপন্ন কৰি তোলা আন এটি মুখ্য কাৰণ হ’ল অসমীয়া বাক্যৰ মাজত ইংৰাজী আৰু হিন্দী শব্দৰ ব্যৱহাৰৰ বাহুল্যতা। ভাষা এটা বিনিময়ৰ ক্ষেত্ৰত বা বজাৰত যেনেদৰে চলি আছে সেইদৰেই শব্দসমূহক লিখিত সাহিত্যৰ মাজত ব্যৱহাৰ কৰাৰ ফলত অসমীয়া ভাষাৰ মাজত সংকটে দেখা দিছে। এইক্ষেত্ৰত সংবাদপত্ৰ আৰু অন্যান্য প্ৰচাৰ মাধ্যমকো দোষাৰোপ কৰিব পাৰি।উদাহৰণ স্বৰূপে, ‘আগতে সি ৰাতিপুৱা শুই উঠি নিউজ পেপাৰ পঢ়ে, ঈশিতাৰ লগত অলপদেৰি কথা পাতি ডিউটিলৈ যাবলৈ সাজু হয়, ডিউটিলৈ যাওতে কেণ্টিনত ব্ৰেকফাষ্ট কৰে, দুপৰীয়া ডিউটি শেষ হোৱাৰ পাছত লাঞ্চ কৰি ৰূমলৈ আহে (সাদিন ৮জানুৱাৰী, ২০১০)”। সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ মাধ্যমেৰেও অসমীয়া ভাষাটোলৈ সংকট নামি আহিছে। ভাষাৰ, শব্দৰ, অপপ্ৰয়োগে ভাষাটোলৈ চৰম বিপদ মাতি অনা পৰিলক্ষিত হৈছে। উদাহৰণস্বৰূপে অসমীয়া তাণ্ডৱ শব্দটো বাতৰিকাকত সমূহত ‘বন্যহস্তীৰ তাণ্ডৱ’, ‘বানপানীৰ তাণ্ডৱ’ , ‘মেলেৰিয়াৰ তাণ্ডৱ’ এনেদৰে প্ৰয়োগ কৰাৰ ফলত শব্দটোৰ প্ৰকৃত অৰ্থ লোপ পোৱা পৰিলক্ষিত হৈছে। নিউজ চেনেল বোৰৰ অসংলগ্ন অসমীয়া ভাষাৰ ব্যৱহাৰ, খাপ নোখোৱা শব্দ, ভূল উচ্চাৰণ আদিকো অসমীয়া ভাষাৰ সংকটৰ আন এক কাৰণ হিচাপে বিবেচিত কৰিব পাৰি। যেনে অসমীয়া হলন্তৰ ব্যৱহাৰ। ব্যক্তিগত নিউজ চেনেল সমূহত সততে দেখিবলৈ পোৱা প্ৰধান সমস্যা হ’ল হলন্তৰ অনৰ্থক ব্যৱহাৰ যেনে ৰণ্ কৌশল (ৰণকৌশল), দল্ পতি(দলপতি)। এই চেনেল সমূহত ব্যৱহৃত ভাষাৰ বিষয়ত অনুৰাধা শৰ্মা পূজাৰীয়ে এক বিশেষ মন্তব্য আগবঢ়ায়ছে “অসমীয়া ভাষাৰ কথা শুনিবলৈ ভয় লগা হৈছে”। অসমীয়া ভাষাৰ অস্তিত্ব বিপন্ন হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠাৰ সময়ছোৱাত ৰাজনৈতিক প্ৰশাসন, অসমীয়া জনগণ আৰু বৃহত্তক অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি থকা অসম সাহিত্য সভাৰ কৰণীয় কি হ’ব সেয়া ভাবি চোৱাৰ সময় আহি পৰিছে। নহ’লে অসমতে অসমীয়া ভাষা এলাগী হৈ কেৱল অভিধান, ব্যাকৰণ আৰু কিতাপৰ মাজতেই আৱদ্ধ হৈ থাকিব।