Breaking

বিজেপিক সমৰ্থন জনোৱাৰ চৰ্তঃ জেডিইউ-এ বিচাৰিছে ৰে’লৱে, বিত্ত, কৃষি মন্ত্ৰালয়ঃ সূত্ৰৰ খবৰ…

0 34

কেন্দ্ৰত এইবেলি অকলে চৰকাৰ গঢ়িব পৰাকৈ বিজেপিৰ হাতত নাই প্ৰয়োজনীয় আসন। সেয়ে দলটোৱে আন দলৰ ওচৰ চাপিবলগীয়া হৈছে। বুধবাৰে এনডিএ মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱা বৈঠকৰ পিছত বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে জেডিইউৱে ৰে’লৱে, বিত্ত, আৰু কৃষি মন্ত্ৰালয়ৰ বাবে অনুৰোধ জনাইছে। বিহাৰৰ মুখ্যমন্ত্ৰী তথা দলীয় নেতা নীতিশ কুমাৰৰ বাসগৃহত উপস্থিত হৈ জেডিউৰ নেতাসকলে আলোচনাতো মিলিত হোৱা বুলি খবৰ আহিছে। বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰি নতুন চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰাৰ পিছত টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে টিডিপি এনডিএৰ সৈতে আছে বুলি দৃঢ়তাৰে কৈছিল বিহাৰৰ মুখ্যমন্ত্ৰীয়ে পাটনা বিমানবন্দৰৰ পৰা একেখন বিমানেৰে দিল্লীলৈ ৰাওনা হোৱা দেখা গৈছিল নীতিশ কুমাৰ আৰু তেওঁৰ তীব্র প্ৰতিদ্বন্দ্বী আৰজেডিৰ তেজস্বী যাদৱ।বিহাৰৰ ৪০খন লোকসভাৰ আসনৰ ভিতৰত ১২খন আসন লাভ কৰিছে এনডিএৰ মিত্ৰজোঁট জেডিইউ-এ।

বিজেপিয়ে নিজাববীয়াকৈ লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হোৱাৰ ফলত এতিয়া নীতিশৰ সেই ১২ খন আসন কিদৰে ধৰি ৰাখিব পাৰি তাকে লৈ চেষ্টা চলাই গৈছে। কাৰণ বিৰোধীয়েও নীতিশক উপ-প্ৰধানমন্ত্ৰীৰ টোপ দিছে।এন ডি এৰ বৈঠকত নাইডু আৰু নীতিশ কুমাৰৰ অংশগ্ৰহণ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে বিবেচিত হৈছে। কিয়নো তেওঁলোকৰ দলৰ সমৰ্থন চৰকাৰ গঠনৰ বাবেঅতি গুৰুত্বপূৰ্ণ। এইবাৰ বিজেপি সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২ৰ পৰা ৩২ খন আসন কম হোৱাৰ বাবে চৰকাৰ গঠনৰ বাবে মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।

Leave A Reply

Your email address will not be published.