Breaking

কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত চিআৰপিএফৰ জোৱান…

0 33

পুনৰ কঁপি উঠিল কাশ্মীৰ। কিছুদিন পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১০গৰাকী তীৰ্থযাত্ৰী নিহত হোৱাৰ পিছত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত কঁপি উঠিল কাশ্মীৰ। কাশ্মীৰৰ কাঠুৱা জিলাৰ হিৰানগৰ অঞ্চলৰ ছাইদা গাঁৱত জেহাদীয়ে আক্ৰমণ কৰে। খবৰ অনুসৰি এই ঘটনাত তিনিজন অসামৰিক লোক আহত হৈছে। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তদুপৰি এজন সন্ত্ৰাসবাদীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰিছে। ইপিনে সন্ত্ৰাসবাদীৰ আক্ৰমণত চিআৰপিএফৰ এজন জোৱান নিহত হোৱাৰ খবৰ আহিছে। কাঠুৱাত সংঘটিত এনকাউণ্টাৰৰ সময়ত চিআৰপিএফৰ জোৱানজন নিহত হয়। জম্মু জ’নৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আনন্দ জৈনে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ তদাৰক কৰি আছে। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া বাহিনীয়ে সমগ্ৰ অঞ্চলটোত কম্বিং অপাৰেছন আৰম্ভ কৰিছে। কাশ্মীৰৰ ডোডা জিলাতো যোৱা নিশা সেনাৰ এটা শিবিৰত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত ছজন সেনা জোৱান আহত হয়। ডোডাৰ চাট্টাৰগালাত সংঘটিত হৈছে এই ঘটনা।

মন কৰিবলগীয়া যে যোৱা দেওবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তাৰ পিছতে কাশ্মীৰ ৰয়ছীত তীৰ্থযাত্ৰীৰ এখন বাছত জেহাদীয়ে আক্ৰমণ কৰে। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে এই আক্ৰমণৰ জড়িয়তে শপতগ্ৰহণৰ সময়ক লক্ষ্য কৰি ভাৰতলৈ জেহাদৰ বাৰ্তা প্ৰেৰণ কৰে বুলি বহুতে ধাৰণা কৰিছে। ঘটনাৰ পিছদিনা লস্কৰ-ই-তৈবাৰ ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’-এ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

Leave A Reply

Your email address will not be published.