Breaking

স্বাধীনতা দিৱস উপলক্ষে ‘হৰ ঘৰ তিৰংগা’ শীৰ্ষক কাৰ্যসূচী সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ বৈঠক…

0 46

জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ বাবে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে পালন কৰিবলগীয়া লগীয়া ‘ঘৰে ঘৰে’ ত্ৰিৰংগ বা হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক কাৰ্যসূচীৰ সন্দৰ্ভত বুধবাৰে জনতা ভৱনৰ কাৰ্য্যালয় কক্ষত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়। বিগত বৰ্ষৰ দৰে এইবাৰো দেশৰ স্বাধীনতা দিৱস উপলক্ষে অহা ১৩ আগষ্টৰ পৰা ‘ঘৰে ঘৰে ত্ৰিৰংগ’ কাৰ্যসূচী প্ৰতিখন জিলাতে ৰূপায়িত হ’ব। এই কাৰ্যসূচীত সমাজৰ প্ৰতিটো স্তৰৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ইয়াৰ অধীনত ১৩আগষ্টৰ পূর্বৰে পৰা কেতবোৰ অন্য কাৰ্যসূচীও সমগ্ৰ ৰাজ্যখনতে ৰূপায়ণ কৰা হ’ব।


উল্লেখ্য যে বিগত বৰ্ষতো ‘আজাদি কা অমৃত মহোৎসৱ’ৰে সংগতি ৰাখি সমগ্ৰ দেশতে ‘ঘৰে ঘৰে ত্ৰিৰংগ’ শীৰ্ষক কাৰ্যসূচী হাতত লোৱা হৈছিল।২০২২ বৰ্ষত দেশৰ ২৩কৌটি পৰিয়ালে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভা খনত প্ৰতিখন জিলাতে তিৰংগা শীর্ষক দেশ প্ৰেম মূলক গীতৰ অনুষ্ঠানআয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হয়।ইয়াৰ লগতে তিৰংগা কেনভাছ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।উন্নয়ণ খণ্ড পৰ্যায়ত আয়োজিত হ’ব লগীয়া এই কাৰ্যসূচীত ৰাজহূৱা স্হানত ৰখা ৰাষ্ট্ৰীয় পতাকাৰ জোখৰ কেনভাছত জন সাধাৰণে নিজ নিজ ভাষাত ‘হৰ ঘৰ তিৰংগা’ আৰু ‘জয় হিন্দ’ বুলি লিখিব পাৰিব।প্ৰতিখন ৰাজ্যৰে এনে কেনভাছবোৰ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত অনুষ্ঠিতব্য স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা হ’ব।


ইয়াৰ লগতে ত্ৰিৰংগ শপত, ত্ৰিৰংগ যাত্ৰা তথা স্বাধীনতা সংগ্ৰামী আৰু তেওঁ লোকৰ পৰিয়ালৰ বিভিন্ন স্হানীয় কাৰ্যসূচীত অংশগ্ৰহণ আৰু উপস্থিতি নিশ্চিত কৰাৰ বাবে জিলা সমূহক নিৰ্দেশ দিয়াৰ সিদ্ধান্ত সভাত লোৱা হয়।
সভাত সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সচিব মণিদিপা বৰকটকী, সঞ্চালিকা মীনাক্ষী দাস নাথ, ষ্টেট আৰ্ট কলেজৰ অধ্যক্ষ নৱজিৎ ডেকাকে ধৰি কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্হিত আছিল।

Leave A Reply

Your email address will not be published.