সংযুক্ত সাংস্কৃতিক মঞ্চ আৰু জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত সাংস্কৃতিক দিৱস…

যোৱা ১৪ জুলাই তাৰিখে গুৱাহাটী জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত সংযুক্ত সাংস্কৃতিক মঞ্চ আৰু জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয় অসমৰ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক দিৱস উদযাপন কৰা হয়। সভাপতি ডা° কল্যাণ কুমাৰ দাসে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত সদৌ অসম ভিত্তিত বিষ্ণুৰাভা সংগীত,লোক নৃত্য একক, আধুনিক নৃত্য একক আৰু দলীয়ৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা বাবে এই অনুষ্ঠানতেই ২০২৪ চনৰ সাংস্কৃতিক আৰু  অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়।

সভাপতি ড° কল্যাণ কুমাৰ দাস সম্পাদক দ্বয় মৃদুল কোঁৱৰ আৰু সঞ্জীৱ দাসৰ লগতে মুখ্য পৃষ্ঠপোষক তথা জণকল্যাণ ছ’ছাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সভাপতি কুমুদ নাথে জনোৱা মতে  অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা অসম গৌৰৱ বঁটা প্ৰাপক ৰঞ্জিৎ গগৈক, বিশিষ্ট কণ্ঠ শিল্পী তথা পৰিচালক বাণী মেধীক সাংস্কৃতিক বঁটা আৰু অসমৰ সামাজিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা সমাজকৰ্মী জীতেন দত্তক ২০২৪ চনৰ অসম গৌৰৱ বটাৰে সন্মানিত কৰা হয়। উক্ত দিনা সদৌ অসম ভিত্তিত আয়োজন ৰাভা সংগীত, আধুনিক নৃত্য, দলীয় নৃত্য, লোক নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্হান লাভ কৰা প্ৰতিযোগী সকলক একোখনকৈ মানপত্ৰৰ লগতে নগদ ধন আৰু বঁটা প্ৰদান কৰা হয়।

Related Articles