Breaking

‘লভিতা’ৰ নতুন নামকৰণ প্ৰতাৰণামূলক চাতুৰী: সাংস্কৃতিক সাংবাদিক সন্থা, অসম

0 196

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ক একে নামেৰে নতুন ৰূপত ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰে মঞ্চস্থ কৰি একপ্ৰকাৰে ৰূপকোঁৱৰৰ অমৰ সৃষ্টিত কালিমা সনা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসমে’ (Cultural Journalist Association of Assam)।

সংগঠনটোৰ সভাপতি বিতোপন বৰবৰা আৰু সম্পাদক শিৱাণু বৰাই কয় যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মা – এই ত্ৰিমূৰ্তিৰ সৃষ্টিৰাজিক লৈ ধেমালি কৰাটো আৱাহনৰ নিকৃষ্টতম ধৃষ্টতা । কাৰণ তেওঁলোকৰ মূল সৃষ্টিত হাত দিয়া মানে তেওঁলোকক কেৱল অপমান কৰাই নহয়, তেওঁলোকৰ মূল্যৱান সৃষ্টিৰাজিক অৱমাননা কৰাৰ লগতে অসমীয়া জাতি আৰু সংস্কৃতিকো অপমান কৰা হয় ।

যদিও শেহতীয়াকৈ ৰূপকোঁৱৰৰ জীয়ৰী, ভতিজা আদি প্ৰমুখ্যে আন নিকটাত্মীয়, জ্যোতি ভাৰতী, অসম নাট্য সন্মিলন, জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতি ৰক্ষা সমিতি আদিৰ লগতে বিভিন্ন সংগঠন আৰু অসমৰ বিদ্বৎ সমাজে আৱাহন থিয়েটাৰৰ(Abahan Theatre Assam) এই দুস্কার্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ পাছত সোমবাৰে নলবাৰীত আয়োজিত এখন সাংবাদিক মেলত আৱাহনৰ প্ৰযোজিকা-অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে (Actress Prastuti Parashar) নাটকখনৰ নতুন নামকৰণ কৰিয়েই এনে ধৃষ্টতামূলক কার্যত গংগাজল চটিয়াই দোষমুক্ত হোৱাৰ প্ৰয়াস কৰিছে যদিও তেওঁৰ সেই কাম অধিক নিকৃষ্ট আৰু গৰিহনাযোগ্য বুলিহে সন্থাই বিবেচনা কৰে ৷

আনহাতে আৱাহন থিয়েটাৰে পৰিৱেশন কৰি থকা ‘লভিতা’ নাটকখনত মূল নাটকৰ কাহিনী, চৰিত্ৰসমূহ থকাৰ লগতে নাটকখনত থকা গীতৰ উপৰি ১৯৩৭ চনতেই জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ গীতো সন্নিবিষ্ট কৰি গঢ়া ‘ৰিমিক্সড’ নাটকখনক শেহতীয়াকৈ কালি অভিজিৎ ভট্টাচার্যই (Playwrights Abhijit Bhattacharya) এইখন লভিতা তেওঁ নিজে লিখা বুলি কৰা দাবীয়ে ধৃষ্টতাৰ সকলো সীমা চেৰাই গৈছে বুলিও সন্থাই অভিহিত কৰে (Lobhita drama controversy) ৷

আৱাহন থিয়েটাৰে এতিয়া যিমানেই গংগাজলত জুবুৰিয়াই ‘ৰিমিক্সড’ নাটকখনক কালিমামুক্ত কৰিবলৈ চেষ্টা নকৰক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূল নাটকখনক লৈ কৰা বিকৃতিৰ অভিযোগৰ পৰা ইমান সহজে নিস্তাৰ নাপায় আৰু এনে পৰিপ্ৰেক্ষিতত তেওঁলোকে নাটকখন আগলৈ মঞ্চস্থ কৰাৰ পৰা বিৰত থকাই একমাত্ৰ বিকল্প হ’ব বুলিও সন্থাই মত প্ৰকাশ কৰে ৷

জ্যোতিপ্ৰসাদ আগৰৱালাৰ(Jyoti Prasad Agarwala) নিকটাত্মীয়সকলৰ আবেগ-অনুভূতিৰ লগতে অসমৰ বিভিন্ন জাতীয় সংগঠন আৰু বিদ্বৎ সমাজৰ দাবীৰ প্ৰতি সন্মান জনাই নাটকখন নতুন নাম দিয়েই চলাই নিয়াৰ প্ৰতাৰণামূলক চাতুৰীৰ পথ লোৱাতকৈ নাটকখনৰ প্ৰদর্শন বন্ধ কৰিলেহে আৱাহন থিয়েটাৰক ৰাইজে ক্ষমা কৰিব বুলিও কয় ।

Leave A Reply

Your email address will not be published.