Breaking

লাখেৰাজ উচ্চ মাধ্যমিক বিদ্যালয়ত সাংস্কৃতিক কাৰ্যসূচী

0 2,096

সাংস্কৃতিক কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক, সামাজিক, সাংস্কৃতিক বিকাশৰ উদ্দেশ্যৰে  বৰমুকলিস্থিত লাখেৰাজ উচ্চ মাধ্যমিক বিদ্যালয়ত ২০২১বৰ্ষৰ নবেম্বৰ মাহৰ পহিলাদিনাই এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী বিদ্যালয়ৰ শিক্ষকবৃন্দই গ্ৰহণ কৰে। দিনযোৰা এই সাংস্কৃতি অনুষ্ঠানটিত থলুৱা কৃষ্টি সংস্কৃতিৰ গীত, নৃত্য, বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ মিছিং, নেপালী জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক সুন্দৰভাৱে প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে গীত, সৃষ্টিশীল নৃত্য প্ৰদৰ্শন কৰে।সংস্কৃতিসমূহক ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয়।  উল্লেখযোগ্য যে সাংস্কৃতিক অনুষ্ঠানটিত কাষৰীয়া প্ৰাথমিক বিদ্যালয়ৰ কন কন শিশুসকলৰ দ্বাৰা কবিতা আবৃত্তি , সাধুকথা কোৱা প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।  বিদ্যালয়ৰ জেষ্ঠ শিক্ষক বাপুৰাম পেগুৱে সভাপতিত্ব কৰা সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল বৰাই। সাংস্কৃতিক কাৰ্যসূচীৰ অনুষ্ঠানটিত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ শিক্ষক সুৰেন্দ্ৰ নাথ দলে আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক  ম: জান হুছেইনে অংশগ্ৰহণ কৰে। লগতে কাষৰীয়া প্ৰাথমিক বিদ্যালয়ৰ কন কন শিশুসকলৰ লগতে শিক্ষকবৃন্দৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক, সামাজিক, সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত বিদ্যায়তনিক কাৰ্যসূচীৰ লগতে সহঃ বিদ্যালয়তনিক কাৰ্যসূচীৰ গুৰুত্ব সম্পৰ্কে প্ৰাক্তন অৱসৰপ্ৰাপ্ত জেষ্ঠ শিক্ষক সুৰেন্দ্ৰ নাথ দলেই বিস্তৃত ভাবে অৱগত। ছাত্ৰ ছাত্ৰী সকলক অধিক আকৃষ্ট কৰিবৰ বিদ্যালয়ৰ শিক্ষক দীপক গগৈয়ে  বহুলভাৱে সমাদৃত অসমীয়া কবিতা হীৰেন ভট্টাচাৰ্যৰ “মোৰ দেশ” কবিতাটি বৰ সুন্দৰকৈ আবৃত্তি কৰে।দুটা বছৰ ক’ভিড পৰিস্থিতিয়ে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছিল ।ফলত বিদ্যালয় পাঠ্যক্ৰমৰ পৰা আঁতৰি থাকিব লগা হৈছিল। ছাত্ৰ ছাত্ৰীসকলক পুনৰ বিদ্যালয়ৰ পৰিৱেশত মনোনিৱেশ কৰাবলৈ এই বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰে বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। বিদ্যালয়ত আয়োজন কৰা এনে যোগাত্মক পদক্ষেপত অভিভাৱকসকলৰ লগতে স্থানীয় ৰাইজে শলাগ লৈছে। ক’ভিডকালিন পৰিৱেশত বন্ধ হৈ পৰা বিদ্যালয়ৰ  ছাত্ৰ ছাত্ৰীসকলৰ জড়তা ভাঙি, মন-প্ৰাণত আশাৰ সঞ্চাৰ কৰিবলৈ প্ৰয়াস কৰা এই গঠনমূলক কাৰ্যসূচীয়ে অনাগত দিনবোৰত নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব বুলি আশা কৰিব পাৰি।

Leave A Reply

Your email address will not be published.