কণ্ঠশিল্পী বীণা ভাগৱতীৰ বিয়োগত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক । SINGER BINA BHAGAWATI DIES

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: SINGER BINA BHAGAWATI DIES । অসমৰ সাংস্কৃতিক জগতৰ অন্যতম শ্ৰদ্ধাৰ কণ্ঠশিল্পী বীণা ভাগৱতীৰ দুখজনক বিয়োগত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই গভীৰ শোক প্ৰকাশ কৰিছে।

গায়িকা বীণা ভাগৱতীৰ দেহাৱসান 


এক লিখিত বিবৃতিত মন্ত্ৰী বড়াই কণ্ঠশিল্পীগৰাকীৰ অকাল বিয়োগত গভীৰ মৰ্মাহত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ বীণা ভাগৱতীৰ স্মৃতিত উল্লেখ কৰে যে, শিল্পীগৰাকীয়ে ‘উকূলি মুকূলি’, ‘নিৰ্মলা নদীৰ ঘাট’ আদি চিৰসেউজ গীতৰ জৰিয়তে অসমীয়া সংগীতৰ ধন-সম্পদ সমৃদ্ধ কৰি অনন্য অৱদান আগবঢ়াইছিল।


মন্ত্ৰী বড়াই লগতে শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰি কয় যে, বীণা ভাগৱতীৰ বৰঙণি অসমীয়াৰ সমাজ জীৱনে কেতিয়াও নাপাহৰে। কণ্ঠশিল্পীগৰাকীৰ স্মৃতি আৰু সংগীতৰ সৃষ্টিয়ে জনসমাজৰ মাজত অনুপ্ৰেৰণা জীয়াই ৰাখিব।


অসমীয়াৰ সংগীতৰ ইতিহাসত বীণা ভাগৱতীৰ নাম সদায় এক উজ্জ্বল তাৰকা হৈ থাকিব।

Related Articles