Breaking

Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !

37

Cyber Crime : মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাইবাৰ অপৰাধীৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ সংবাদ মেল সম্বোধন। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে।

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিগাঁও, ১৯ ছেপ্টেম্বৰঃCyber Crime : মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাইবাৰ অপৰাধীৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ সংবাদ মেল সম্বোধন। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে।

(Marigaon Police )মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদ মেল সম্বোধন অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে। ইয়াৰে মৈৰাবাৰীৰ বিভিন্ন স্থানৰ পৰা জাহানুৰ আলী,ফিৰদোছ আলী,ৱাকিবুৰ ৰহমান,হুছেইন জাহাংগীৰ আলী,বাবুল ইছলামক আটক কৰাৰ লগতে এহিয়া আহমেদ নামৰ আন এজন চাইবাৰ অপৰাধত জড়িত অপৰাধী Nagaon Metro Hospital নগাঁও মেট্ৰো হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে। আনহাতে লাহৰীঘাটৰ বিভিন্ন স্থানৰ পৰা ৰফিকুল ইছলাম, আব্দুল কাচেম,জিকাৰুল ইছলাম,ৰুকুন উদ্দিনক আটক কৰিবলৈ সক্ষম হয়। লাহৰীঘাটৰ পৰা আটক কৰা আটাইকেইজন এক্সিচ বেংকৰ মানি ফৰ্ডৰ সৈতে জড়িত। মন কৰিবলগীয়া বিষয় এই যে লাহৰীঘাটৰ পৰা আটক কৰা ৰুকুন উদ্দিনে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যক্তিৰ নামত প্ৰায় ১৪ খন পেন কাৰ্ড উলিওৱাৰ লগতে মেট্ৰো হস্পিটেলত চিকিৎসাধীন অৱস্থাত থকা এহিয়া আহমেদক পূৰ্বতে মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে মানিফ্ৰৰ্ডৰ গোচৰত আটক কৰি শাস্তিও বিহিছিল যদিও পুনৰ মুকলি হৈয়েই নামি পৰিছিল মানিফ্ৰৰ্ডৰ কামত। সংবাদ মাধ্যমৰ আগত জানিব দিয়া অনুসৰি এক্সিচ বেংকৰ পৰা প্ৰায় ১০ কোটিৰো অধিক টকা বৰ্তমান সময়লৈকে ফ্ৰৰ্ড হোৱাৰ লগতে অন্যান্য বেংকৰ পৰাও টকা ফ্ৰৰ্ড হৈয়েই আছে। গতিকে সৰ্বসাধাৰণ ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে মৰিগাঁও আৰক্ষীয়ে। ইয়াৰ উপৰিও চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিয়েই থাকিব বুলিও মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।
ইতিমধ্যে আটকাধীন চাইবাৰ অপৰাধীকেইজনৰ পৰা ২০ টা মোবাইল ফোন ,ফিংগাৰপেন মেচিন এটা,নগদ ৪০ হাজাৰ, দেবিদ কাৰ্ড ১৫ খন,পেন কাৰ্ড ২৪ খন, চিমকাৰ্ড ৮০খনৰ লগতে এখন আৰটিকা বাহন জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং

Comments are closed.