Breaking

মৈৰাবাৰীত চাইবাৰ অপৰাধীৰ হাতত প্ৰহৃত চিকিৎসক।চিকিৎসকক বগৰাই বগৰাই আক্ৰমন দুধৰ্ষ চাইবাৰ অপৰাধীৰ।

0 126

দীৰ্ঘদিন ধৰি মৈৰাবাৰীত সংঘটিত চাইবাৰ অপৰাধৰ ‘মাষ্টাৰ মাইণ্ড’ ছাইফুল ইছলামে চাইবাৰ অপৰাধ সংঘটিত কৰিয়ে কোটিপতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। কিন্তু এই সন্দৰ্ভত ধাৰাবাহিক বাতৰি পৰিবেশনৰ পাছতো মৈৰাবাৰী আৰক্ষীয়ে ৰক্ষনাবেক্ষন দি আহিছিল ছাইফুলক।

সংবাদ মাধ্যমে দাবী কৰা ধৰনেই আজিৰ পৰা প্ৰায় চাৰি মাহৰ আগত লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীয়ে ছাইফুলৰ ঘৰত তালাচী চলাই উদ্ধাৰ কৰিছিল বহু আপত্তিজনক সামগ্ৰী। কিন্ত পলায়ন কৰিছিল ছাইফুলে। পৰবৰ্তী কালত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশনৰ পাছত মৈৰাবাৰী আৰক্ষীয়ে ছাইফুলক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও ৰহস্যজনকভাৱে দুৰ্বল কেছ ডায়েৰীৰ সহায়ত কেইদিনমানতে জেলৰ পৰা ওলাই আহিছিল ছাইফুল।

তাৰ পাছতে জামাতত যোৱাৰ নামত অন্তৰ্ধান হৈছিল ছাইফুল। পুণৰ জামাতৰ পৰা আহি মুৰত টুপি লগাই এইবাৰ ছাইফুলে চলাইছে দাদাগিৰি। কৰ্মৰত চিকিৎসকক মাৰধৰ কৰি মাটিত বগৰাই আক্ৰমন। অৱশ্যে আক্ৰমন কৰি পলায়নৰ চেষ্টা কৰিছিল যদিও আৰক্ষীলৈ বাট নাচাই ৰাইজে আটক কৰিলে ছাইফুলক। এতিয়া মৈৰাবাৰী আৰক্ষীয়ে ছাইফুলৰ বিৰুদ্ধে কি ব্যৱস্হা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব।

Leave A Reply

Your email address will not be published.