Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

নিউজ ডেস্ক, ২১ অক্টোবৰঃ কালি পূজাৰ পূৰ্বে দক্ষিণ বংগ অভিমুখে আহি আছে ঘূৰ্ণীবতাহ। বহুকেইটা বেচৰকাৰী বতৰ পূৰ্বানুমান সংস্থাই দাবী কৰিছে যে বংগোপসাগৰ(Bay of Bengal)ৰ ওপৰত থকা নিম্ন চাপ তীব্ৰতৰ হৈ গভীৰ চাপলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু পিছলৈ এই চাপ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। যদিহে ই ঘূৰ্ণীবতাহলৈ পৰিণত হয় তেন্তে ইয়াৰ নাম হ’ব পাৰে ‘ডানা’(Cyclone Dana)। ইতিমধ্যে ইয়াৰ নামাকৰণো কৰিছে কাটাৰে । ইতিমধ্যে আলিপুৰস্থিত বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক সোমবাৰৰ পৰা সাগৰলৈ যোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ।

এই সন্দৰ্ভতআলিপুৰস্থিত বতৰ বিজ্ঞান বিভাগৰ বতৰ বিজ্ঞানী সৌৰীশ বন্দোপাধ্যায়ে কয়, “আন্দামান সাগৰৰ সমীপত হৈ থকা ঘূৰ্ণীবতাহে আগন্তুক ২৪ ঘণ্টাত নিম্ন চাপলৈ পৰিণত হ’ব। ইয়াৰ স্থান উত্তৰ আন্দামান সাগৰৰ সমীপৰ পূব-মধ্য বংগোপ সাগৰৰ কাষত। ইয়াৰ পিছতে ২২ অক্টোবৰত ইয়াৰ তীব্ৰতা গভীৰ চাপলৈ পৰিণত হ’ব । ২৩ অক্টোবৰত পূব-মধ্য বংগোপসাগৰৰ ওপৰত ই ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। এই ঘূৰ্ণীবতাহৰ গতিৰ দিশ হ’ব উত্তৰ-পশ্চিম দিশে আৰু ২৪ অক্টোবৰৰ পুৱা পশ্চিম বংগ আৰু উৰিষ্যা উপকূলৰ দিশে্ গতি কৰিব(Cyclone alert in India) । “

আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ বতৰ বিজ্ঞানীয়ে দাবী কৰা অনুসৰি, এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ দক্ষিণ বংগত ইমান নহয়। কাৰণ দক্ষিণ বংগত দেও আৰু সোমবাৰে বৰষুণ অহাৰ সম্ভাৱনা নাই। অৱশ্যে ২২ অক্টোবৰ মঙলবাৰে পাতলৰৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। কিন্তু বুধবাৰ অৰ্থাৎ ২৩ অক্টোবৰৰ দিনা ইয়াৰ প্ৰভাৱ উপকূলীয় জিলাসমূহত অধিক হ’ব, বিশেষকৈ দুই ২৪ পৰগনা আৰু দুই মেডানীপুৰৰ ওপৰত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ ভৱিষ্যতবাণী কৰিছে। (Assam weather update)

বংগোপ সাগৰত সৃষ্টি হব লগা এই প্ৰচণ্ড ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ ফলত অসমকে(Dana Impact on Assam) ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Heavy Rains in Assam)।

Related Articles