Cyclone Dana updates: উপকূলীয় ৰাজ্য ওড়িশাত অৱতৰণ সাগৰীয় ঘূৰ্ণীবতাহ ডানা

ভুৱনেশ্বৰ, ২৫ অক্টোবৰ: বৃহস্পতিবাৰৰ নিশাৰ পৰা আৰম্ভ হোৱা ভয়াৱহ সাগৰীয় ঘূৰ্ণীবতাহ ডানাৰ অৱতৰণৰ প্ৰভাৱ শুকুৰবাৰে পুৱালৈকে চলি থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে(Cyclone Dana updates)।

আই এম ডিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, বিগত ছয় ঘণ্টাত ঘণ্টাত ১৫ কিলোমিটাৰ বেগেৰে উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ গতি কৰা ধুমুহাই কেন্দ্ৰপাৰা জিলাৰ ভিতৰকণিকা আৰু ভদ্ৰক জিলাৰ ধমৰাৰ মাজৰ স্থলভাগত প্ৰৱেশ কৰে(Landfall process of severe cyclonic storm Dana began), য’ত বতাহৰ গতিবেগ ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ আছিল।

“এই ঘূৰ্ণীবতাহৰ অৱতৰণ প্ৰক্ৰিয়াটোত ভূখণ্ডত ডাৱৰৰ ভৰৰ প্ৰৱেশৰ লগে লগে লেণ্ডফ’ল আৰম্ভ হৈছিল(Dana begins landfall on Odisha coast)। যেতিয়া এই ঘূৰ্ণীবতাহৰ কেন্দ্ৰভাগ ভূমিত পৰিবহি তেতিয়াই বতাহৰ গতিবেগ ঘণ্টাত ১২০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।’-ভুৱনেশ্বৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ(Regional Meteorological Centre) জ্যেষ্ঠ বিজ্ঞানী উমাশংকৰ দাসে এটা সংবাদ সংস্থাক এইদৰে কয়।

দাসে লগতে উল্লেখ কৰে যে, শুকুৰবাৰে পুৱালৈকে প্ৰায় চাৰি-পাঁচ ঘণ্টা ধৰি স্থলভাগত এই লেণ্ডফল প্ৰক্ৰিয়া চলিব।

ইয়াৰ পূৰ্বে ওডিশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে জনাইছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ওডিশা চৰকাৰৰ দ্বাৰা ঘূৰ্ণীবতাহৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বিষয়ে খবৰ লৈছে ।

উল্লেখ্য যে, সাগৰীয় ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ বুধবাৰৰ পৰাই উপকূলীয় ৰাজ্য ওড়িশা আৰু পশ্চিমবংগত দেখিবলৈ পোৱা গৈছিল । বুধবাৰে সন্ধিয়াৰ পৰা ঘূৰ্ণীবতাহ ডানাৰ ফলত ওড়িশাৰ ১১ খন জিলাত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছিল ।

Related Articles