Breaking

ৰেমালৰ সংহাৰত বিধ্বস্ত অসম! ছাত্ৰৰ মৃত্যু, ৰে’ল সেৱা ব্যাহত, গছ- গছনি তচনচ…

0 45

সাগৰীয় ঘূৰ্ণী ৰেমালে এতিয়া অসমত তাণ্ডৱ চলাইছে। ঘূৰ্ণীৰ প্ৰভাৱত অসমত আৰম্ভ হৈছে প্ৰবল ধুমুহা-বৰষুণ। ইতিমধ্যে মৰিগাঁৱত ধুমুহাত গছ পৰি কলেজলৈ যোৱা এজন ছাত্ৰৰ মৃত্যু ঘটিছে। ৰাজ্যৰ বহু জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে। সেই মৰ্মে ৰাজ্যৰ ৪ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। একেদৰে ৯ খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, নগাঁও , পশ্চিম কাৰ্বি আংলং, নলবাৰীত অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে ডিমা হাছাও, কাছাৰ , হাইলাকান্দি , কৰিমগঞ্জত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা , বৰপেটা, বঙাইগাঁও, তামুলপুৰ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। একেদৰে কাইলৈৰ বাবে চিৰাং, বাক্সা, ডিমা হাচাওত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।দেৰগাঁৱৰ দাধৰাৰ শঙ্কৰদেৱ চাৰিআলিৰ সমীপত পথৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ। চিঙি পৰিল উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ । সৌভাগ্যবশতঃ বিদ্যুত প্ৰবাহ বন্ধ আছিল সেই সময়ছোৱাত। ভাঙি পৰা গছজোপাৰ সমীপতেই আছে শঙ্কৰদেৱ হাইস্কুল। ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে ছুটী দিয়া হৈছিল বিদ্যলয়খন। ফলত কথমপি ছাত্ৰ-ছাত্ৰীসকল ৰক্ষা পৰিল এক ভয়ানক অঘটনৰ পৰা। ইপিনে বিধ্বংসী ধুমুহাত মৰিগাঁৱৰ দীঘলবড়ীত এজোপা প্ৰকাণ্ড বকুল গছ বাগৰি পৰে এখন চলন্ত অট’ৰ ওপৰত। ফলত নিমিষতে প্ৰাণ গ’ল মৰিগাঁও গুৰুকুল একাডেমীৰ মেধাৱী ছাত্ৰ তথা লাহৰীঘাট থানাৰ অন্তৰ্গত ধুপগুৰি গাঁৱৰ বালিৰাম আমফি আৰু লতিকা বৰদলৈৰ একমাত্ৰ সন্তান কৌশিক আমফি (১৮)ৰ। অতি গুৰুতৰ ভাৱে আহত হয় অট’খনত যোৱা আন তিনিগৰাকী যাত্ৰী সহ চালকজন।


ঘূৰ্ণী বতাহ আৰু বৰষুণৰ ফলত খুলি দিয়া হৈছে কাৰ্বিলাংপী জলবিদ্যুত প্ৰকল্পৰ ছয় খনকৈ গেট ৷ হুৰাহুৰে পানী আহি উফন্দি উঠিছে বৰপানী নৈ ৷ শংকিত নৈ পৰীয়া ৰাইজ ৷ কচুৱা জুৰিপাৰত বাগৰিছে পানী ৷ লংজাপ আৰু জুৰিপাৰত পানী সোমাইছে ৷ বৈঠলাংছোঁ-বৰচালি সংযোগী ৰাজপথৰ ওপৰত একাঁঠু-এককাল পৰ্যন্ত পানী। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে একাংশ লোকে।বকোৰ বিভিন্ন অঞ্চলত ঘূৰ্ণি বতাহত বিস্তৰ ক্ষতি। ঘূৰ্ণি বতাহত বকো-জোঙাখুলি পথত বাগৰি পৰে বৃহৎ সংখ্যক শাল গছ। যোৱা নিশাৰ পৰা অহা প্ৰচণ্ড বতাহ ধুমুহাৰ ফলত দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি হয়। কালি পুৱাৰ ভাগত দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজাপুখুৰী গাঁৱত লাবন্য কুমাৰী নামৰ এগৰাকী ৬০ বছৰীয়া মহিলাৰ গাত গছ বাগৰি গুৰুত্বৰ ভাবে আহত হয়। ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয় ক্ষতি হৈছে। ডিমা হাছাও জিলাৰ জাতিংগা আৰু নিউ হাফলঙৰ ৰে’ল লাইনত পানীৰে ভৰি পৰিছে। প্ৰচণ্ড বৰষুণৰ ফলত নিউ হাফলঙত আৱদ্ধ হৈ আছে ১৩১৭৫ শিয়ালদহ- শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’ল খন আৰু ১৫৬১৬ শিলচৰ-গুৱাহাটী পেছেজাৰ ৰে’লখন ধামচৰা ষ্টেচনত আৰু ১২৫১৯ আগৰতলা সংযোগী ৰে’লখন মাইবং ৰে’ল ষ্টেচনত ৰখাই দিয়া হৈছে।

Leave A Reply

Your email address will not be published.