ডি- ভোটাৰক অত্যাচাৰ নকৰিবলৈ চৰকাৰক সকিয়নি

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন সংবাদমেল কালি ৭ নৱেম্বৰত ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিত থকা কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ।  অসমৰ কোচ-ৰাজবংশী জনগােষ্ঠীকজনজাতিকৰণৰ বাবে পূর্বৰ কংগ্রেছ চৰকাৰৰ দৰে বর্তমানৰ কেন্দ্রীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনৰাে যে সদিচ্ছা নাই সেই কথা আজি আখৰে আখৰে  প্রমাণিত হৈ আহিছে । কাৰণ চৰকাৰে  নিৰ্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি ৰক্ষা কৰি বিজেপি চৰকাৰৰ কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রী অর্জূণ মুণ্ডাই অসমত আহি ৰাজহুৱা সভাত কৈছিল  কোচক জনজাতি কৰণৰ কাৰণে অধ্যয়ণ কৰি থকা হৈছে । ইয়াৰ পৰাই বুজা যায় জনজাতিকৰণ প্রক্রিয়া লেহেমীয়া গতিত আছে  আৰু কিছু চৰকাৰে মাজে সময়ে  বান্দৰক নাৰিকল খাব দিয়াৰ দৰে জনজাতিৰ  কাম  মাত্ৰ  দহ  শতাংশহে  বাকী আছে বুলি থগায় থাকে ।এইবােৰ কথাৰ পৰাই বুজা যায় যে বিজেপি চৰকাৰখনে কোচক  প্ৰৱঞ্চনা কৰি হেতালিহে  খেলি খেলাৰ আৰম্ভ কৰিছে ।  চৰকাৰৰ এনে ভূমিকাক কাচ-ৰাজবংশী ছাত্র সন্থাই তীব্র ভাষাৰে গৰিহণা দি কয় যে, ২০১৪ চনৰ পৰা প্রতিটো লােকসভা আৰুবিধানসভাত এই বিজেপি  চৰকাৰখনেতেওঁলোকৰ  নির্বাচনী ইস্তাহাৰত বিজিপি চৰকাৰ গঠন হলে ছয় মাহৰ ভিতৰত কাচ-ৰাজবংশী সকলক জনজাতিকৰণ কৰা হ’ব বুলি  প্রতিশ্রুতি দিছিল । কিন্তু  দৃূর্ভাগ্যৰ কথা প্রথমকার্যকাল শেষ হৈ দ্বিতীয় কার্যকাল কৰা বহুদিন অতিক্রম কৰাৰ পিছতাে কিন্তু চৰকাৰৰ প্রতিশ্রুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল । কোচ ৰাজবংশীসকলৰ  জনজাতি কৰণৰ সকলাে বৈশিষ্ট থকাৰপিছতো জনজাতি নকৰি বৰঞ্চ   অসমৰ কোচ-ৰাজবংশী সকলক বিভিন্ন ধৰণে হাৰাশাস্তি    কৰাৰ হে আৰম্ভ অহা পৰিলক্ষিত হৈছে । উদাহৰণ স্বৰূপে যি সময়ত CAAৰ জৰিয়তে হিন্দু  লোকক  সুৰক্ষাৰ কথা কোৱা  হৈছে   বিদেশৰ নাগৰিকক ভাৰতত স্থান দিয়াৰ কথা কোৱাহৈছে সেই একে সময়তে অসমৰ ভূমি পূত্র খিলঞ্জীয়া জনগােষ্ঠি কোচ – ৰাজবংশীসকলৰউপযুক্ত প্রমাণ পত্র আৰু বর্তমানাে ভােট দি খকা ভােটাৰকো D-Voter” সজাই বিদেশী  ন্যায়াধিকৰণ আদালতৰ পৰা জাননী জাৰি কৰি হাৰাশাস্তি কৰি আহিছে । অসমৰ বিভিন্ন জিলাৰ বহু কোচ-ৰাজবংশীলােকক এতিয়াও Detention Camp ত আবদ্ধ কৰি ৰাখি আছে ।কাচ-ৰাজবংশী সকলৰ ওপৰত চলা এই অত্যাচাৰ এক লজ্জাজনক  । এই সন্দর্ভত বিভাগীয় বিষয়া সকলৰ লগত আলােচনা কৰাত তেখেত সকলে এনে ধৰণৰ অত্যাচাৰপুনৰাই নহয বুলি প্রতিশ্রুতিও দিছিল । কিন্ত  পুনৰাই এনে ধৰণৰ অত্যাচাৰ কৰি  থকা  দেখিবলৈ পোৱা গৈছে । সেয়েহে  এনে ধৰণৰ কার্য  শীঘ্ৰে বন্ধ কৰিবলৈ সদৌ কোচ-ৰাজবংশী ছাত্র সন্থাই দাবী উত্থাপন  কৰিছে । তদুপৰি  অসম আৰু কেন্দ্রীয় চৰকাৰে কোচ-ৰাজবংশী সকলক ভাগ-ভাগ কৰাৰ যি চক্রান্ত ৰচিছে তাকো বন্ধ কবিবলৈ আক্রাছুই  সকিয়াই দিছে। কিয়নোএকেখন ৰাজ্যৰ সকলাে কোচ-ৰাজবংশী লােকে নিজৰ প্রাপ্য আদায়ৰ বাবে দীর্ঘদিন ধৰি গণতান্ত্ৰিক  আন্দোলন কৰি আহিছে । কিন্তু   অসম চৰকাৰে উজনি অসम, মধ্য অসমৰ কোচ-ৰাজবংশী সকলক বঞ্চিত  কৰি কেৱল মাত্র অসমৰ পশ্চিম অংশক গুৰুত্ব   প্রদান কৰাদেখা যায়  । উদাহৰণ স্বৰূসেঃ KAC ঘােষণা, STP হিচাবে ঘােষণা, ভূমি সংৰক্ষণৰ ব্যবস্থা    ইত্যাদি ।  আজিৰ দিনত সমূহ অসমৰ লগতে BTR স্বায়ত্ব্ব শাষিত পৰিষদ, কার্বি আংলং স্বায়ত্ব শাষিত পৰিষদ,   ৰাভা হাচং স্বায়ত্ব্ব শাষিত্ব পৰিষদৰ অন্তর্গত কোচ-ৰাজবংশীসকল সকলাে দিশতে বঞ্চিত  হৈ আছে  । আজি বিটিআৰত কোচ-ৰাজবংশীসকলৰভূমিৰ অধিকাৰ সংৰক্ষিত  নাই কাৰণে মাটিৰ পট্টা পােৱা নাযায়  । শিক্ষাৰ ক্ষেত্রত সংৰক্ষণৰ  ব্যৱস্থা নাই, চাকৰিৰ সংৰক্ষণৰ  ব্যৱস্থা নাই, ৰাজনৈতিক  দিশত সংবক্ষণৰ ব্যৱস্থা নাই । গতিকে  খিলঞ্জীয়া ভূমি পুত্ৰৰ বাবে এয়া  অতিকৈ লজ্জাজনক  বিষয় । সেয়ে  স্বায়ত্ত পৰিষদ সমূহত ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে আহ্বান জনালোঁँ । অসম চৰকাৰে মাজে মাজে আচনি ঘােষণাৰে    কোচ-ৰাজবংশী ছাত্র সন্থাৰ বিপুল দাবীত কোচ-ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰেছে যদিও সেয়া কোনাে কোচ-ৰাজবংশী জাতীয় দল সংগঠনৰ লগত আলােচনা বিলােচনা  নকৰাকৈ কেৱল  দলীয়কর্মী হােৱাৰ বাবে প্রণৱ  নাৰায়ণক  অধ্যক্ষ হিচাবে লৈ এখন    উন্নয়ন পৰিষদ সমিতি গঠন কৰে। এই সমিতিত কোন কোন কোচ-ৰাজবংশী তথাজাতীয় সংগঠনৰ সদস্য অন্তর্ভূক্ত হ’ল সেয়া  আজিলৈ ৰাজহৰা নহ’ল  । এই ক্ষেত্রত অসমৰ মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক  আহ্বান জনাও যে সমগ্র অসমৰ কোচ-ৰাজবংশীসকলক লাভাম্বিত হােৱাকৈ উন্নয়ন পৰিষদ গঠন কৰক অন্যথা এই ভেকো-ভাওনা বন্ধ কৰক ।  তদুপৰি এইটোও জনাও যে বিজেপি চৰকাৰখনে  অসমৰ জনসাধাৰণক প্রতিশ্রুতি দিছিল  চৰকাৰ হলে  ” আচ্ছে দিন আয়েগা  ” ক’ত  গ’ল আজি সেয়া কথা । সেই প্রতিশ্রুতি । অসমৰ জনসাধাৰণে বহু আশাৰে    চৰকাৰ গঠন  কৰাত সহায় কৰিলে । যাৰ পলিণাম আজি সকলোৱে ভূগি আছে  ।   আজি বস্তুৰ  মূল্যবৃদ্ধিয়ে  অসমৰ জনসাধাৰণক  কোঙা  কৰি  পেলাইছে  । দুখীয়া  জনসাধাৰণ  মানুহে আজি এখাজ ভাত ভালকৈ খাবলৈ  এশ বাৰ চিন্তা কৰিব লগীয়া হৈছে । চৰকাৰৰ আঁচনি হৈয়েই আছে  । সফল ৰূপায়ণ হোৱা দেখা পোৱা নাই । উদাহৰণস্বৰূপে  : অন্ন সুৰক্ষা যোজনাৰ জৰিয়তে  দুখীয়া পৰিয়ালৰ চাউলসমূহ  বিনামূলীয়া কৰি দিলে যদিও একেখিনি সুলভ মূল্যৰ  কেৰাচিন তেল প্ৰতি লিটাৰত  ২৫ টকাৰ পৰা ৫০ টকা কৰি দিলে । অৰুণোদয় আচনি ঘােষণা কৰিলে  ,  কিন্তু  এই  আঁচনিত সকলো  প্ৰাপ্য  হিতাধিকাৰী  অন্তৰ্ভুক্ত  নহ’ল । এনেধৰণৰ  উদাহৰণ আৰু বহুতো আছে বুলি কয় সদৌ  কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ  ‘আক্ৰাছু ‘ৰ  সভাপতি অতুল বৰ্মনে সংবাদমেলত এইদৰে কয় । এই সংবাদমছলত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন যায় , ওদালগুৰি জিলা সমিতিৰ সভাপতি শ্ৰী শ্ৰীবাস সিংহ , ওদালগুৰি জিলা সন্মিলনীৰ সভাপতি ভাস্কৰ সিংহ , সম্পাদক অখিল ৰাজবংশীৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বহুতো বিষয় ববীয়া উপস্থিত থকা সভাখনত সভাৰ শেষত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তুলি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে ।

Related Articles