দগাওঁ শ্ৰী শ্ৰী বালিভূঁই বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰীযুত তৰুণ চন্দ্ৰ দেৱ গোস্বামীদেৱৰ আজি ইংৰাজী ২৬/৪/২০২২ তাৰিখ মঙ্গলবাৰে পুৱা ১০-৩০ বজাত গুৱাহাটীৰ নিজ বাস ভৱনত বৈকুণ্ঠগামী হয় ৷ তেখেত জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক হিচাপে সুদীৰ্ঘ ৩৮ বছৰ শিক্ষকতা কৰি ১৯৯৯ বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে অৱসৰ গ্ৰহণ কৰে ৷তেখেতৰ জন্ম হৈছিল ১৮৫৫ শকৰ ১০ ভাদ্ৰ শণিবাৰে ৷ ইংৰাজী ১৯৩৪ চনত ৷তেখেত এগৰাকী সত্ৰৰ সত্ৰাধিকাৰৰ ওপৰিও একাধাৰে সাংস্কৃতিক সাধক , সমাজসেৱক , শিক্ষাবিদ আৰু সাহিত্য সভা , ধৰ্মীয় অনুষ্ঠান – প্ৰতিষ্ঠান , নগাঁও জিলাৰ সত্ৰ মহাসভাৰ বৰ্তমানৰ উপদেষ্টা তথা অসম সত্ৰ মহাসভাৰ আজীৱন সদস্যৰ ওপৰিও জুৰীয়া দগাওঁ আদি বিভিন্ন অনুষ্ঠান , প্ৰতিষ্ঠান আদিৰ বিষয় বাবটো জঢ়িত হৈ আছিল ৷ বিভিন্ন অঞ্চলৰ ভক্ত – বৈষ্ণৱক শৰণ – ভজন দিছিল৷
তাৰ উপৰিও নাট – ভাওনা আদিত বায়নৰ মুখ্য ভূমিকা পালন কৰি সকলোৰে পৰা সমাদৰ লাভ কৰিছিল৷সত্ৰৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ জৰিয়তে বহুতো ভক্ত বৈষ্ণৱ সকলক খোলৰ প্ৰশিক্ষণ আদি দিছিল৷ইয়াৰ উপৰিও সত্ৰৰ চাৰি প্ৰসঙ্গ নাম তেখেতে ৰাখিছিল৷ তেখেতৰ বিয়োগত আমাৰ সত্ৰ তথা এই অঞ্চলৰ এক অপূৰণীয় ক্ষতি হ’ল৷