দলগাঁৱৰ অফিচ বজাৰত ভূমিকেন্দ্ৰিক ভয়াবহ সংঘাত

দলগাঁৱত দৈনিক ভূমি কেন্দ্ৰিক সংঘাতৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ ভূমি বিবাদক লৈ সংঘটিত হ’ল এক ঘৃণণীয় কাণ্ড । ঘৰত কোনো পুৰুষ নথকাৰ সুযোগ লৈ দৰঙৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ (অফিছ বজাৰ) ৰ আলিমুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত অগ্নি সংযোগ কৰি দুটাকৈ ঘৰ ভস্মীভূত কৰাৰ অভিযোগ উঠিছে । জানিব পৰা মতে, গাঁৱ খনৰ সহোদৰ ফকিৰ আলী আৰু হুৰমুজ আলীৰ মাজত পৈতৃক সম্পত্তিৰ ভাগ বটৰুৱাক লৈ দীৰ্ঘদিনৰ পৰা বাদ বিবাদ চলি আহিছে । উভয় পক্ষৰ মাজত আইনী যুঁজ চলি থকাৰ মাজতে বুধবাৰে আবেলি প্ৰায় চাৰি বজাত কোনো পুৰুষ লোক ঘৰত নথকাৰ সুযোগ লৈ হুৰমুজ আলী সহ দুই পুত্ৰ ক্ৰমে ইব্ৰাহিম আলী আৰু এবাদুল হকে ফকিৰ আলীৰ জোৱাই আলিমুদ্দিনৰ ঘৰত জুই লগাই দিয়ে ।

উক্ত দুষ্কাৰ্য সম্পাদনত মহিলা সকলে বাধা প্ৰদানৰ চেষ্টা কৰে যদিও তেওঁলোকৰ লগতো হতাহতি কৰাৰ অভিযোগ উঠিছে । উক্ত অগ্নিকাণ্ডত  লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি সাধন হোৱাৰ লগতে যাবতীয় নথিপত্ৰ জুইত জাহ যায়। ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত  এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বিশেষ তৎপৰতা গ্ৰহণ নকৰাৰ উভিযোগ তুলিছে আলিমুদ্দিনৰ পৰিয়ালে । সঠিক তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে বিষয়টি নিষ্পত্তি কৰি দিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনায় ভুক্তভোগী পৰিয়ালটোৱে ।

Related Articles