Breaking

দৰঙৰ দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠা উদ্বোধন ড° পৰমানন্দ ৰাজবংশীৰ

0 1,091

ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মিত কোঠাটি উদ্বোধন কৰে ৷ একেদৰে গ্ৰন্থাগাৰ উদ্বোধন কৰে অসম ৰাষ্টভাষা প্ৰচাৰ সমিতিৰ কাৰ্যাধ্যক্ষ ভাৰতভূষণ মহন্ত, কাৰ্যালয় উদ্বোধন কৰে উদ্বোধন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামী আৰু বিজ্ঞানাগাৰ উদ্বোধন কৰে গুৱাহাটী ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ জ্ঞানজ্যোতি শৰ্মাই৷

দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীয়ে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানৰ প্ৰাক্‌মূহুৰ্ত্তত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি শৰৎ চন্দ্ৰ গোস্বামী আৰু প্ৰতিষ্ঠাপক সম্পাদক সন্তোৰাম চহৰীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাই।

Leave A Reply

Your email address will not be published.