Breaking

দৰং জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন

0 1,684

দৰং জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অশ্বিনী বৰুৱাক চাকৰিৰ পৰা নিলম্বন। বৰুৱাই দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা বিষয়াৰ স্বাক্ষৰ জাল কৰি প্ৰমোচনৰ বাবে দাখিল কৰিছিল পত্ৰ। স্বাক্ষৰ জাল কৰা বিষয়টো গম পোৱাৰ লগে লগে স্বাস্থ্য বিভাগে তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বন কৰে বৰুৱাক।


জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালৰ ফালৰ পৰা স্বাক্ষৰ জাল কৰাৰ অপৰাধত বৰুৱাৰ বিৰুদ্ধে মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰে ।
অশ্বিনী বৰুৱা নামৰ কৰ্মচাৰী জনে ইয়াৰ পূৰ্বেও চাকৰি দিয়াৰ নামত বহুতৰ পৰা ধন সংগ্ৰহ কৰি ২০১৬ চনত চাকৰিৰ পৰা নিলম্বিত হৈছিল।

নামখলাৰ পৰা দ্বীপেন ডেকাৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.