Breaking

ভাৰতীয় পৰীক্ষাত দৰং সন্তান ৰাজদ্বীপ ডেকাৰ কৃতিত্ব…

0 28

সৰ্বভাৰতীয় পৰীক্ষা আই চি এছ ই দশম শ্ৰেণীৰ পৰীক্ষাত মায়ানগৰী মুম্বাইৰ থানেস্থিত হিৰানন্দানী ফাউণ্ডেছন স্কুলৰ পৰা পৰীক্ষা দি দৰং জিলাৰ এখন ভিতৰুৱা গাঁও গংগাপুখুৰীলৈ সুনাম কঢ়িয়াই আনিলে ৰাজদ্বীপ ডেকাই৷ উল্লেখযোগ্য যে পিতৃ পৱন কুমাৰ ডেকা কৰ্ম সূত্ৰে দুটা দশক ধৰি মুম্বাইত কৰ্মৰত৷

ৰাজদ্বীপ ডেকাই ৯৮.৮ শতাংশ নম্বৰ পায় বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে। তেওঁ বিজ্ঞানত ১০০, পদার্থ বিজ্ঞানত ১০০, ৰসায়ন বিজ্ঞানত ৯৯, জীৱ বিজ্ঞানত ১০০, গণিতত ১০০, কম্পিউটাৰ বিজ্ঞানত ১০০ ইংৰাজীত ৯৬, ইংৰাজী ভাষাত ৯৬, ইংৰাজী সাহিত্যত ৯৬, সমাজ অধ্যয়নত ৯৮, ইতিহাস-চিভিক্সত ১০০, ভূগোলত ৯৬, হিন্দীত ৯২ নম্বৰ লাভ কৰে। উল্লেখ্য যে পাঁচটা বিষয়ত শ্রেষ্ঠত্বৰ খিতাপ অৰ্জন কৰা ৰাজদ্বীপ ডেকা দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ সৰাবাৰী মৌজাৰ অন্তৰ্গত গংগাপুখুৰী গাঁৱৰ পবন কুমাৰ ডেকা আৰু ইৰাৱতী ডেকাৰ সুযোগ্য সন্তান তথা সৎৰাম ডেকা আৰ ৰহিলা ডেকাৰ নাতি ৰাজদ্বীপ ডেকাৰ সৰ্বভাৰতীয় এই পৰীক্ষাৰ ফলাফলে গাঁৱৰ সকলোকে আপ্লুত কৰে৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘ বুঢ়াখাট প্ৰাথমিক শাখা, জনসংঘ পুথিভঁৰাল নিজ সৰাবাৰী আৰু ব্যক্তি বিশেষে ৰাজদ্বীপ ডেকাক শুভেচ্ছা জ্ঞাপন কৰে৷

Leave A Reply

Your email address will not be published.