Breaking

ডাৰ্ক স্পটঃ মুখত ক’লা দাগে দেখা দিছে নেকি? ৪টা অভ্যাস সলনি কৰক…

0 33

মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ আমি সদায় ব্যয়বহুল আৰু ৰাসায়নিক ভিত্তিত সৌন্দৰ্য্য সামগ্ৰী ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় নহয়।ইয়াৰ বাবে আপুনি কিছুমান বেয়া অভ্যাসও এৰিব লাগে।ছালৰ এনে সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বহু বেয়া অভ্যাস আছে যিবোৰ এৰিলে আমাৰ মুখৰ পৰা ক’লা দাগ আৰু অন্যান্য প্ৰকাৰৰ দাগ নাইকিয়া হ’ব পাৰে –

আপুনি আপোনাৰ মুখৰ বাহ্যিক সৌন্দৰ্য্যৰ বাবে যিমানেই খৰচ নকৰক কিয়, যদি আপোনাৰ মানসিক স্বাস্থ্য ভাল নহয় তেন্তে ইয়াৰ বেয়া প্ৰভাৱ মুখমণ্ডলত স্পষ্টকৈ দেখা যাব। কাৰণ টেনচনৰ ফলত শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে যিবোৰ মুখত ক’লা দাগৰ দৰে দেখা দিয়ে।

ধূলি, মাটি আৰু মুখৰ প্ৰদূষণৰ বাবে তাৰ ওপৰত পিম্পল দেখা দিয়ে যদিও কিছুমান মানুহৰ সদায় মুখত চিকুটা মাৰি লোৱাৰ অভ্যাস থাকে। পিম্পল বা ক’লা দাগ ছিঙিলে মুখৰ ছালৰ ক্ষতি হয় আৰু তাত ক’লা দাগ গঠন হয়।

যদি আমি শৰীৰক আভ্যন্তৰীণ পুষ্টি প্ৰদান নকৰো তেন্তে ইয়াৰ প্ৰভাৱ আমাৰ ছালত দেখা দিবলৈ আৰম্ভ কৰিব। ভাৰতত মানুহৰ তেলীয়া আৰু টেঙা খাদ্য খোৱাৰ অভ্যাস আছে, যাৰ ফলত পেটত গৰম হয় আৰু তাৰ পিছত মুখত ফোহা ওলায়।

ভাগৰুৱা দিনটোৰ পিছত যেতিয়া আপুনি ৰাতিৰ আহাৰ গ্ৰহণ কৰে তেতিয়া আপুনি লগে লগে শুই জিৰণি ল’ব বিচাৰে, কিন্তু এলাহৰ বাবে আপুনি মুখখন নুধোৱে।

পৰাপক্ষত এইসমূহ নিয়ম চলিলে মুখত থকা ক’লা দাগ আঁতৰিব পাৰে।

Leave A Reply