Darrang News: দৰঙৰ দৈপামত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে সজাগতা সভা, ছাত্ৰ ছাত্ৰীৰ বাস্তৱধৰ্মী নাট প্ৰদৰ্শন

দৰং জিলাৰ দলগাও সমষ্টিৰ অন্তৰ্গত দৈপামত ড্ৰাগছ, মদ, ভাং , বাল্য বিবাহ, শিশু শ্ৰমিক , আদি অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে সজাগতা সভাৰ আয়োজন।(Darrang News) গাঁওখনৰ এটি ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান মহম্মদ আলী মডেল একাডেমীৰ সঞ্চালক মীৰ্জা সাহাদত ৰফিকুল আলমৰ উদ্যোগত শনিবাৰে আবেলি আয়োজিত সজাগতা সভাত আমছুৰ মূখ্য উপদেষ্টা আইনুদ্দিন আহমেদ, দৰং সমাজ সংস্কাৰ সমিতিৰ সভাপতি আলহাজ মুক্তাৰুল ইছলাম, দলগাওঁ আৰক্ষী থানাৰ পৰিদৰ্শক নৰেন চন্দ্ৰ ৰাভা ,দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহাদেৱ হীৰা, দৰং জিলা এ আই ইউ ডি এফৰ সভাপতি হবিবুৰ ৰহমান, দৰং জিলা কংগ্ৰেছৰ মুখপাত্ৰ ৰাকিবুদ্দিন আহমেদ, সমাজ সেৱক তথা প্ৰাক্তন জিলা পৰিষদ সদস্য ৰফিকুল ইছলাম, দৰং জিলা সমাজ সংস্কাৰ সমিতিৰ সাধাৰণ সম্পাদক তথা জেষ্ঠ্য সাংবাদিক ইমদাদুল ইছলাম, দৈপাম আমছুৰ প্ৰাক্তন সভাপতি চোলেমান আলী, প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে বাল্য বিবাহ ড্ৰাগছ সেৱন, জুৱা আদি অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।

অঞ্চলটোৰ ৰাইজৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ও ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অতিথি সকলৰ সন্মুখত উপস্থিত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলে অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। সভাখনত ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত প্ৰচলিত আৰু সমাজখনক গ্ৰাস কৰা বাল্য বিবাহ, ড্ৰাগছ মদ, ভাং, জুৱা, মোবাইল আসক্ত শিশু কিশোৰ আৰু যুৱ প্ৰজন্মক বিপদগামী কৰাৰ বিৰুদ্ধে বাস্তৱধৰ্মী ছবি দাঙি ধৰি নাট প্ৰদৰ্শন কৰি উপস্থিত সকলো ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। ছাত্ৰ ছাত্ৰীৰ লগতে পিতৃ মাতৃকো বিপথে পৰিচালিত কৰা ছচিয়েল মিডিয়া ফেচবুক ,হুৱাটছ আপ, ইনষ্ট্ৰগ্ৰাম, গুগল, ইউ টিউব আদিৰ পৰা কু প্ৰভাৱৰ ছবি দাঙি ধৰি সুন্দৰ ভাৱে ছাত্ৰ ছাত্ৰীসকলে বাস্তৱধৰ্মী নাট প্ৰদৰ্শন কৰাত প্ৰসংশিত হয়।

Related Articles