Darrang News:ছাত্ৰ হত্যাকাণ্ড! ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি

ৰাজ্য কঁপাই যোৱা ছাত্ৰ হত্যাৰ ভয়ংকৰ ঘটনাৰ দুদিন পিছত পদুম পুখুৰী হাইস্কুলত উপস্থিত হ’ল দৰং জিলা শিক্ষা বিষয়া চেমিনা ইয়াচমিনাৰা বেগম। গাড়ীৰ অভাৱত দুদিন ধৰি আহিব পৰা নাছিল শিক্ষা বিষয়াগৰাকী ৷ বিদ্যালয়ত উপস্থিত হৈ শিক্ষা বিষয়া গৰাকীয়ে ৰাইজৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হয়।(Darrang News)

পিছত শিক্ষা বিষয়া গৰাকীয়ে ৰাইজৰ আগত শিক্ষক আৰু শিক্ষয়িত্ৰী সকলৰ ওপৰত বিহিত ব্যৱস্থা ল’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে ৰাইজ শান্ত হয়। আনহাতে শিক্ষক সকলক শাস্তিমুলক বদলি কৰাৰ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে শিক্ষা বিষয়া গৰাকীয়ে বিভাগীয় গাড়ী নাই বাবে বিদ্যালয় পৰিদৰ্শন কৰিব নোৱাৰে বুলি মন্তব্য কৰে।(darrang student murder case)

আনহাতে বুধবাৰে নিশা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও এটা ‘X‘ পোষ্ট কৰে। ‘X‘ পোষ্টত উল্লেখ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীসহ ১২গৰাকী কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলিৰ কথা। লগতে পদুমপুখুৰী হাইস্কুলৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুৰিনগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক। চলি থকা আৰক্ষীৰ তদন্তৰ উপৰিও বিদ্যালয় শিক্ষা বিভাগে ছাত্ৰজনৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰিছে বলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।(Ranoj Pegu)

দৰঙৰ মহলীয়া পাৰাৰ পদুম পুখুৰী হাইস্কুলত ৰাজ্য কঁপাই যোৱা এই ঘটনাটো সংঘটিত হৈছিল সোমবাৰে। দশম শ্ৰেণীৰ ছাত্ৰৰ প্ৰহাৰত মৃত্যু হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকা। কিবা কাৰণত মনোমালিন্য হৈছিল দুই ছাত্ৰৰ মাজত। মনোমালিন্য ই ৰূপ লৈছিল চূড়ান্ত পৰ্যায়। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হৈছিল ছাত্ৰজনৰ। মৃত ছাত্ৰজন সেনাপতি পাৰা গাঁৱৰ হেমচন্দ্ৰ ডেকাৰ পুত্ৰ আছিল। (teachers and staff transferred)

GMCHত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ বেষ্টনিৰ মাজত সেনাপতি পাৰাৰ গৃহত প্ৰশাসনে ছমজাই দিয়ে মৃতদেহটো। সেনাপতি পাৰাতো অগণন লোকৰ শ্ৰদ্ধাঞ্জলি ভৱেশ ডেকালৈ। শোকাকুল পৰিৱেশত ৰাইজৰ সহযোগত সৎকাৰ কৰে ভৱেশক। এইদৰে পঞ্চভূতত বিলীন হ’ল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকা।

Related Articles