ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেবী দুৰ্গাৰ প্ৰতিমূৰ্ত্তি ক’ভিড আচৰণ বিধিৰে চলোৱা যথাৰীতি পূজা অৰ্চনাৰ শেষত দশমীৰ বিয়লি বেলাত অন্তম বিসৰ্জন দিয়া হয় । নাজিৰা পূজা মন্দিৰ, মিলন মন্দিৰ, ষ্টেচন তিনিআলি, নাজিৰা চাৰি আলি, অসম আৰক্ষী বেটেলিয়নকে ধৰি মুঠ ৭ খন দুৰ্গা পূজাৰ প্ৰতিমা নাজিৰা নগৰৰ বশিষ্ঠ গংগা খ্যাত দিখৌৰ বিসৰ্জন ঘাটত বিসৰ্জন কৰা হয় । শিমলুগুৰি নগৰত দুই বিসৰ্জন ঘাটত চাৰি প্ৰতিমাৰ বিসৰ্জন ঘটোৱা হয়। . নাজিৰা মহকুমা প্ৰশাসনৰ হৈ মহকুমাধিপতি সব্যসাচী কাশ্যপ, ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত প্ৰীতম কুমাৰ গগৈ, ৰুবী কুমাৰী ৰয়, নাজিৰা, শিমলুগুৰি, গেলেকীৰ সকলো বিসৰ্জন থলী পৰিদৰ্শন কৰি দিনৰ ভাগতে সকলো প্ৰতিমাৰ বিসৰ্জ্জন প্ৰক্ৰিয়া শান্তিপূৰ্ণ সুৰক্ষাৰ মাজেৰে সম্পন্ন কৰায় । নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰীসকল, নাজিৰা আৰক্ষী, নাজিৰা আৰু শিমলুগুৰি পৌৰসভা, অসম ৰাজ্যিক দুৰ্যোগ ব্যস্থাপনা বিভাগ , এছ ডি আৰ এফ, অগ্নি আৰু জৰুৰী সেৱা বিভাগ আদিৰ তৎপৰতাত সুকলমে দশমীৰ দিনা দুৰ্গা পূজাৰ অন্ত পৰে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়