DB Stock Owner Dipankar Barman Arrested: অৱশেষত আৰক্ষীৰ জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন

গুৱাহাটী, ২৭ অক্টোবৰ: অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত ডি বি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন । মহানগৰ আৰক্ষীৰ এটা দলে গোৱা ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে দীপাংকৰক(DB Stock Owner Dipankar Barman Arrested) ৷ ডি বি ষ্টক জৰিয়তে বহু লোকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰি পলাতক হৈ আছিল দীপাংকৰ(Multi-Crore Scam in Assam) ।

অৱশেষত গুৱাহাটী মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অমিত মাহাতোৰ নেতৃত্বত যোৱা এটা দলে দেওবাৰে সন্ধিয়া গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰিলে দীপাংকৰ বৰ্মনক ৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই সামাজিক মাধ্যমৰ জৰিয়তে জনালে এই তথ্য ৷

ৰাজ্যখনৰ অসংখ্য বিনিয়োগকাৰীৰ পৰা দিপাংকৰে প্রায় ৭০০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল(Dipankar Barman fraud case) ৷এই সংক্ৰান্তত মহানগৰৰ পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হৈছিল বহুকেইটা গোচৰ এই গোচৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে দীপাংকৰৰ পিতৃ-মাতৃৰ লগতে তেওঁৰ প্রেমিকা মনালিছা দাসক গ্ৰেপ্তাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছিল ।

অভিযোগ অনুসৰি, তেওঁৰ প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে এমাহত ৭ শতাংশ, দুই মাহত ১৪ শতাংশ, ছয় মাহত ৫১ শতাংশ আৰু এবছৰত ১২০ শতাংশ ধন দিয়াৰ প্রলোভন দিছিল সর্বসাধাৰণক(High-return scheme scam) ৷ এই লাভদায়ক প্ৰলোভনৰ প্ৰতিশ্ৰুতিত প্রলোভিত হৈ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ অসংখ্য লোকে ডি বি ষ্টক কনচাল্টটেঞ্চিত ৫০ হাজাৰ টকাৰ পৰা ১০ লাখ টকা পৰ্যন্ত ধন বিনিয়োগ কৰিছিল(Investment fraud in Assam) ৷ প্ৰথম অৱস্থাত ডি বি ষ্টক কনচাল্টটেঞ্চিৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনে প্রতিশ্রুতি অনুসৰি বিনিয়োগকাৰীসকলক ধন দিছিল যদিও পৰৱৰ্তী সময়ত দীপাংকৰে আত্মগোপন কৰে । প্রতিষ্ঠানটোৰ জৰিয়তে প্রায় ৭০০ কোটি টকা আত্মসাৎ কৰি বিগত প্ৰায় দুমাহ ধৰি দীপাংকৰ বৰ্মনে আত্মগোপন কৰি আছিল।

Related Articles