Breaking

মৰাণ সৰগফলা গোহাঁই গাঁৱত মৃত প্ৰকাণ্ড নাহৰফুটুকী বাঘ উদ্ধাৰ

0 2,073

ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা  গোহাঁই গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে প্ৰকাণ্ড এটা মৃত নাহৰফুটূকী  বাঘ । অঞ্চলটোৰ নগেন বৰা  নামৰ ব্যক্তি জনৰ ঘৰৰ গাহৰি গড়ালৰ কাষতে কাহিলি  পুৱাতে উদ্ধাৰ হয় মৃত বাঘটো। । পুৱাতেই পৰিয়ালৰ লোকৰ লগতে নগেনৰ পত্নী  শুই উঠি গাহৰি গৰালৰ কাষত শুই থকা বাঘটো  প্ৰত্যক্ষ কৰে। পিচত ওচৰ চুবুৰীয়া লোক আহি বাঘটো মৃত বুলি জানিব পাৰিহে কৌতুহল সৃষ্টি হয়। নাহৰফুটুকী বাঘটোৰ মুখমণ্ডল আৰু বিভিন্ন অংশৰ আঘাত প্ৰত্যক্ষ কৰি গাহৰি পোৱালি খাবলৈ আহোঁতে গাওঁখনত পোৱালীসহ বাস কৰি থকা ঢেকীয়াপটীয়া বাঘটোৰ সৈতে যুঁজ হোৱাৰ পিচত আঘাটপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। পিচত খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটি দল আহি মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। বন বিষয়াই অৱগত কৰা অনুসৰি বিগত দুটা মাহে সৰগফলা গাঁৱত পিঞ্জৰা পাতি থোৱা আছে যদিও কোনোদিনে বাঘ পিঞ্জৰাবদ্ধ হোৱা নাছিল আৰু যাৰ বাবে বাঘটোৱে কৰুণ মৃত্যুক আকোঁৱালি ললে বুলি কয়।

Leave A Reply

Your email address will not be published.