Breaking

নাজিৰা জয়া বাগানত গাঁতত পুতি থোৱা অৱস্থাত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

0 2,161

নাজিৰাত বন্যপ্ৰাণীৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাব ধৰিছে । থিক তাৰ মাজতে হেৰাই গৈছে মানৱতা । নাজিৰা খণ্ড বন বিভাগৰ অন্তৰ্গত জয়া বাগানত আজি মাটিত গাঁত খাণ্ডি পুঁতি থোৱা অৱস্থাত  উদ্ধাৰ হোৱা মৃত নাহৰফুটুকী বাঘক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বৰ্তমানেও এই আতংক অব্যাহত আছে । বন বিভাগৰ উপস্থিতিত জয়া বাগানত গাঁতত পুতি থোৱা অৱস্থাত থকা নাহৰফুটুকী বাঘটো খতবিক্ষত দুৰ্গন্ধ প্ৰায় । বন বিভাগে জানিবলৈ দিয়ামতে বাঘটোৰ বয়স প্ৰায় ১২ বছৰ মান হ’ব । আনহাতে উদ্ধাৰ হোৱা বাঘটো দাঁত, নেগুৰ, চাৰিওটা ঠেং, নখ নাছিল । কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে বন্যপ্ৰাণীটো নৃশংসভাৱে হত্যা কৰি মুনাফা লাভৰ স্বাৰ্থত এনেদৰে নাহৰফুটুকীটো বাঘটো খতবিক্ষত কৰি দেহৰ অংগ পতংগ সমূহ কাটি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । ঘটনা সন্দৰ্ভত নাজিৰা খণ্ড বন বিভাগে প্ৰাথমিক তদন্তৰে দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

Leave A Reply

Your email address will not be published.