মৃত্যু এতিয়া সহজ….

অংশুমান ভূঞা

হয়, আপুনি শিৰোনামত ঠিকেই পঢ়িছে। মৃত্যু এতিয়া তেনেই সুলভ। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ উত্তৰণত আজি ভূ-লুণ্ঠিত মানৱতা। “শঙ্কৰ-আজান”ৰ সম্প্ৰীতিৰ দেশত হিংসা-প্ৰতিহিংসাৰ দাৱানল। তাত জাহ গৈছে সাতামপুৰুষীয়া একতাৰ এনাজৰী। সমন্বয়ৰ বহুৰঙী ফুলৰ বাগিচাখন আজি বিবৰ্ণ। সাম্প্ৰদায়িকতাৰ বিষবাষ্পত চাৰিওফালে কদৰ্যময় পৰিৱেশ য’ত শান্তিৰ উশাহ হৈ আহিছে মহঙা। ৰিপু দমনত অসমৰ্থতাৰ ফলত একো একোটা অমূল্য জীৱনৰ মূল্য নিমিষতে হৈ পৰিছে মূল্যহীন। ধৈৰ্য, দয়া, ক্ষমা, সহযোগিতা আদি মানৱীয় গুণ আজি বিলুপ্ত। মানৱীয়তা হৈছে যান্ত্ৰিকতাৰ দৌৰাত্ম্যত দিশহাৰা। ভোগবাদী মানসিকতাই আমাৰ নৈতিক প্ৰমূল্যবোধক তিলতিলকৈ হৰি নিলে। আজি আমি ৰাতিপুৱা বাতৰি কাকত মেলি ল’লেই উমান পাওঁ‌ নেতিবাচক খবৰেৰে সমাজৰ ভাৰাক্ৰান্ত অৱস্থা। শ্ৰেষ্ঠতাৰ মুখা পিন্ধা মানৱৰ কৰ্মক এতিয়া পশুতুল্য বুলি কোৱাৰো যোগ্যতা নাই। পশুৰ মাজতো এনে নিৰ্দয়তাৰ নজিৰ হয়তো নাই। আপাতঃ দৃষ্টিত একো একোটা নিচেই নগণ্য কাৰণতে এটা এটা সম্ভাৱনাপূৰ্ণ জীৱন নিমিষতে চিৰদিনৰ বাবে হেৰাই গৈ আছে। নিজৰ লগতে ঘৰখনৰ, সমাজৰ ভৱিষ্যৎ সপোনৰ অপমৃত্যু ঘটিছে। কোনো মূল্যৰ বিনিময়তেই সেই সপোন ঘূৰাই পোৱা অসম্ভৱ। প্ৰতিটো বৰ্বৰ-নিষ্ঠুৰ কাণ্ডৰ পিছতেই আমি অন্তঃকৰণেৰে কামনা কৰি গৈছোঁ‌ ইয়াতেই ইতি পৰক পাশৱিকতাৰ। কিন্তু বাস্তৱত পৈশাচিকতাৰ গতি দূৰন্তহে হৈ গৈ আছে। চকুৰ-মনৰ চিনাকিজনেই কেতিয়া আপোনাৰ যমদূত হৈ ধৰা দিয়েহি তাৰ একো নিয়ত্তা নোহোৱা হৈছে। মানুহৰ প্ৰাণ লোৱাটো যেন এতিয়া গচকত পৰুৱাৰ মৃত্যুৰ নিচিনা সাধাৰণ কথাত পৰিণত হ’বলৈ গৈ আছে। এটাৰ পিছত এটা লানি-নিছিগা মানৱতাক ভূ-লুণ্ঠিত কৰা ঘটনাত আজি সমাজ অস্থিৰ। দোষীৰেই আকৌ সমাজত টিঘিলঘিলনি। এই উন্মাদনা-পৈশাচিক প্ৰবৃত্তিৰ আঁ‌ৰত আছে কি? এয়া নিঃশেষ হ’ব কেতিয়া? এয়া এতিয়া সমাজৰ সন্মুখত এক অন্তহীন প্ৰশ্ন। অকল শক্তিশালী আইনী ব্যৱস্থাই যে এই সমস্যাৰ সমাধান ঘটাব সেয়া আশা কৰা যে বৃথা অতীতে প্ৰমাণ কৰিছেই। অৱশ্যে দোষীৰ দৃষ্টান্তমূলক শাস্তি আমাৰ সবাৰে চিৰকাম্য। সময়ৰ দাবী আমি আকৌ পুৰণি কিছুমান পদ্ধতিক জীৱনৰ অংগ কৰি লোৱাৰ। য’ত থাকিব জীৱনৰ তৃণমূল পৰ্যায়ৰ পৰাই নৈতিক প্ৰমূল্যবোধৰ আখৰা, সৎ প্ৰবৃত্তিবোৰৰ বিকাশ সাধন, সংযমৰ আদিপাঠ, ব্যক্তিকেন্দ্ৰিকতাৰ মোহজালৰ পৰা মুক্ত আকাশৰ দৰে উদাৰতাৰ বীজ। এই বীজেই এদিন শাখা-প্ৰশাখাৰে বটবৃক্ষ হৈ সমাজক কৰিব ক্লেদমুক্ত। সেই ন-প্ৰভাতৰ কিৰণত উদ্ভাসিত হ’ব দশোদিশ।

Related Articles