জামুগুৰিহাটৰ সংগীয়া মাজৰ চুকৰ নাৰায়ণ হাজৰিকাৰ মৃত্যু।

দৈনন্দিন বাৰ্তা:

জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ সৰবৰহী ব্যক্তি, সমাজকৰ্মী নাৰায়ণ হাজৰিকা(৬৪)ৰ দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে৷ দেওবাৰে হঠাৎ উচ্চ ৰক্তচাপিত ৰোগত আক্ৰান্ত হোৱাত লোকজনক ততাতৈয়াকৈ তেজপুৰস্হিত মিচন হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা ১১ বজাত চিকিৎসাসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে লোকজনে৷ আৰক্ষী বিভাগৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী হাজৰিকাই অৱসৰৰ পিছতেই সামাজিক কৰ্মৰ সৈতে জড়িত হৈ পৰিছিল৷ সংগীয়া মাজৰ চুক যুৱক সংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হাজৰিকা যুৱক সংঘৰ উপদেষ্টাৰ দায়িত্বত থকাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰো এগৰাকী সদস্য আছিল৷ ইয়াৰোপৰি শংকৰী কলা কৃষ্টিৰ লগত জড়িত হাজৰিকা এগৰাকী সু-নিপুন ভাৱৰীয়াও আছিল৷ হাজৰিকাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে হাজৰিকাৰ বাসগৃহত গুণমুগ্ধসকল উপস্থিত হৈ হাজৰিকাৰ নশ্বৰদেহত সংগীয়া মাজৰ চুক যুৱক সংঘ, সংগীয়া মাজৰ চুক মহিলা সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীয়া মাজৰ চুক প্ৰাথমিক শাখা, শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ সংগীয়া মাজৰ চুক প্ৰাথমিক শাখাকে  ধৰি বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত হাজৰিকাই পত্নী-দুই পুত্ৰসহিতে এক ভৰা সংসাৰ ইহ সংসাৰত এৰি থৈ যায়৷ হাজৰিকাৰ মৃত্যুয়ে সমগ্ৰ অঞ্চলটিতে শোঁকৰ ছাঁ পেলাইছে৷ 

Related Articles