Breaking

ৱায়ানাড ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০০ লৈ বৃদ্ধি! ড্ৰ’নেৰে বিচাৰিছে মানুহক…

0 16

ৱায়ানাড ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০০! ধ্বংসাৱশেষৰ মাজত এতিয়াও বহু মৃতদেহ বোকাত পুত খাই আছে, ড্ৰ’নেৰে বিচাৰিছে মৃতদেহ। বৃহস্পতিবাৰে চলিয়া নদীৰ পানীত ইটোৰ পিছত সিটোকৈ শৰীৰৰ অংগ ওপঙি উঠে। মৃতদেহ সমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে মৃত্যুৰ সংখ্যা ৩০৮ জন। তাৰে বহুতৰে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ধ্বংসাৱশেষত কেৱল শৰীৰৰ অংগহে উদ্ধাৰ কৰা হৈছে। ড্ৰ’ন ব্যৱহাৰ কৰি মৃতদেহটোৰ সন্ধান অব্যাহত আছে। ইয়াৰ বাবে কেইবাটাও প্ৰশিক্ষিত কুকুৰো ব্যৱহাৰ কৰা হৈছে।

শুকুৰবাৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে ৱায়ানাডত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৩০৮ জন। ইয়াৰে ১৯৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰে ১১৩টা শৰীৰৰ অংগ। ২০০ৰো অধিক লোক নিৰুদ্দেশ হৈছে।


Leave A Reply

Your email address will not be published.