Breaking

জলপ্ৰলয়ত ধ্বংস হোৱা চহৰ খনত মৃতকৰ সংখ্যা বৃদ্ধি পালে ১৫২ জনলৈ

0 2,070

জলপ্ৰলয়ে ধ্বংস কৰিলে এখন চহৰ!
প্ৰলয়ংকাৰী বানত বিধস্ত হৈ পৰিল চহৰখন
শ শ লোকৰ প্ৰাণ গ’ল।ব্ৰাজিলৰ পেট্ৰ’পলিচ চহৰত প্ৰবল বৃষ্টিপাত আৰু ভূমিস্খলন।
প্ৰবল বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে ধ্বংস পেট্ৰ’পলিচ চহৰখন।
১৫২ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা।


বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে।ব্ৰাজিলতো প্ৰকৃতিয়ে লৈছিল ৰুষ্ট ৰূপ ।প্ৰবল বৃষ্টিপাত আৰু ভূমিস্খলনৰ ফলত ব্ৰাজিলৰ পেট্ৰ’পলিচ নামৰ মনোমোহা চহৰ খন সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল।প্ৰলয়ংকাৰী বানত নদীলৈ পৰিণত হৈ পৰিছিল পেট্ৰ’পলিচ চহৰৰ বাটপথ।বৰ্তমানলৈকে ২৮ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰা সন্দেহ ব্ৰাজিল চৰকাৰৰ।ৰিঅ’ডি জেনেৰিও কাষতে থকা এই পাহাৰীয়া চহৰ খনত বিগত এমাহ ধৰি বৃষ্টিপাত হৈ আছিল।

আস্কমিক ভাৱে ৩ ঘণ্টাৰ বাবে অহা এই ভূমিস্খলনে সকলো চূৰ্ণ -বিচূৰ্ণ কৰি নিলে।বৰ্তমানেও দক্ষিণ-পূবৰ এই চহৰখনত উদ্ধাৰকাৰীসকলে অভিযান অব্যাহত ৰাখিছে৷আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে মঙলবাৰৰ ধুমুহাৰ পাছত ১৬৫জন লোক সন্ধানহীন হৈ আছে।বৰ্তমানলৈকে ২৮টা শিশুসহ ১২৪টা মৃতদেহ চিনাক্ত হৈছে বুলি জানিবলৈ দিয়ে৷ পোপ ফ্ৰান্সিছে দেওবাৰে ভেটিকানৰ ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত এঞ্জেলাছৰ প্ৰাৰ্থনাৰ পাছত তেওঁৰ শেহতীয়া শোকবাৰ্তা প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.