Debate Competition: নিতাইপুখুৰীত সদৌ অসম আন্তঃশিক্ষানুষ্ঠানতৰ্ক প্ৰতিযোগিতা কোনে পালে প্ৰথম পুৰস্কাৰ ?

দৈনন্দিন বাৰ্তাৰ বিশেষ সেৱা,ডিমৌ,১৯ অক্টোবৰঃ– সামাজিক সংগঠন সুৰক্ষা আৰু নিতাইপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলাৰ নিতাইপুখুৰী ৰাজহুৱা ভৱনত আজি অনুষ্ঠিত শিক্ষাবিদ প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়া সোঁৱৰণি সদৌ অসম আন্তঃশিক্ষানুষ্ঠান তৰ্ক প্ৰতিযোগিতা সফলতাৰে সমাপ্ত হয়৷কাৰ্যসূচী অনুসৰি পুৱা প্ৰয়াত মংগল দেউৰী আৰু পুণ্যেশ্বৰ চেতিয়াৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গই৷ইয়াৰ পিছতে প্ৰতিযোগিতা উদ্ধোধন কৰে নিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত দত্তই ৷(Debate Competition)

উদযাপন সমিতিৰ সম্পাদক ভাগৱ লিগিৰাই আঁত ধৰা তথা দৈনিক জনমভূমি কাকতৰ যোৰহাট সংস্কৰণৰ জ্যেষ্ঠ বাৰ্তা সম্পাদক শাংকৱ কৌশিক বৰুৱাই সঞ্চালনা কৰা সদনৰ মতে “ কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগে গণতন্ত্ৰ আৰু সমাজ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ” শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপল বৰা৷দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে নিৰ্বাচিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মিন্ময় বৰা ৷তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ কপিলদেৱ গোস্বামী ৷

আনহাতে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎপলজ্যোতি বৰা আৰু মণ্ময় বৰা৷দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ গীতাৰ্থ বৰা আৰু কপিল দেৱগোস্বামীয়ে৷ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাণৱন্ত প্ৰন্ত হাজৰিকাই৷বিচাৰকৰ দায়িত্বত থাকে ক্ৰমে ড° মহাশ্বেতা দেৱী , অভিশেষ কব্ৰা আৰু ছন্দোপল শইকীয়া৷ইফালে বিজয়ী প্ৰতিযোগিসকলক বঁটা প্ৰদান কৰে ক্ৰমে দৈনিক জনমভূমি আৰু প্ৰাগ নিউজ, যোৰহাটৰ মুখ্য কাৰ্যবাহী বিষয়া দীপক আচাৰ্য , শাংকৱ কৌশিক বৰুৱা , দাতা পৰিয়ালৰ হৈ খীৰোদ চেতিয়া , মৃদুল দেউৰী , দৈনিক জনমভূমি কাকতৰ প্ৰচলন বিভাগৰ পৰিচালক ৰাজীৱ ভট্টাচাৰ্য , মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড° নিৰোদ গোঁহাই , সমাজকৰ্মী নিৰোজ কুমাৰ মেধি আৰু উদযাপন সমিতিৰ সভাপতি বিপিন দত্তই৷শলাগৰ শৰাই আগবঢ়াই সামাজিক সংগঠন সুৰক্ষাৰ সভাপতি খীৰোদ গগৈয়ে৷

Related Articles