Debojit Borah: দীনেমাই দাস মুদৈৰ ঘৰত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা

অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল‌ সাহিত্য সভাৰ বাবে সম্পদ। এই কৰ্মচাৰীসকলক উপযুক্ত মৰ্যাদা আৰু প্ৰাপ্য আদায় কৰাৰ দায়িত্ব সাহিত্য সভাৰেই।(Debojit Borah) গতিকে নিৰ্ধাৰিত নিৰিখৰ সকলো প্ৰাপ্য কৰ্মচাৰীসকলক প্ৰদান কৰাৰ বাবে আমি সংকল্পবদ্ধ। অসম সাহিত্য সভাৰ উচ্চ বৰ্গৰ সহায়ক প্ৰয়াত ক্ষীৰোদ মুদৈৰ সহধৰ্মিনী দীনেমাই দাস মুদৈৰ নগাঁৱৰ কামপুৰত অৱস্থিত বাসগৃহত উপস্থিত হৈ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে মন্তব্য প্ৰদান কৰে৷

ভোগালী বিহুৰ পবিত্ৰ মুহূৰ্তত সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদকজনে দীনেমাই দাস মুদৈৰ পৰিয়ালক সৌজন্যমূলক সাক্ষাৎ কৰি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত প্ৰয়াত ক্ষীৰোদ মুদৈৰ পৰিয়ালৰ জীৱনযাত্ৰাত সহযোগিতাৰ মতপোষণ কৰে ৷ উল্লেখ্য, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামী আৰু নৱনিৰ্বাচিত উপ-সভাপতি পদুম ৰাজখোৱাৰ সৈতে আলোচনা কৰি প্ৰধান সম্পাদকগৰাকী দীনমাই দাস মুদৈৰ পৰিয়ালৰ কাষত থিয় হয় গৈ৷ উক্ত কাৰ্যসূচীত দেৱজিৎ বৰাৰ লগত নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত হাজৰিকা আৰু অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Related Articles