Breaking

Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা

30

মুছলপুৰৰ ১০০ কোটি টকীয়া অবৈধ ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক আৰক্ষীৰ মাৰাথন জেৰা৷ বহু বিস্ফোৰক তথ্য সদৰী দীপাংকৰৰ(deepankar bhatt the mastermind of the rs 100 crore trading scam in baksa)

দৈনন্দিন বাৰ্তা, ১১ ছেপ্টেম্বৰঃ বাক্সা জিলাৰ মুছলপুৰৰ ১০০ কোটি টকীয়া অবৈধ ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্মৰ ঘনিষ্ঠ তথা মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টই অৱশেষত দেওবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ জানিব পৰামতে দীৰ্ঘদিন ধৰি এক অজ্ঞাত স্থানত আত্মগোপন কৰি থকা প্ৰৱঞ্চকগৰাকীৰ সহযোগীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত দীপাংকৰে পলাই থকাৰ কোনো পথ নেদেখি দেওবাৰে পুৱাই মুছলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷(deepankar bhatt the mastermind of the rs 100 crore trading scam in baksa)

তাৰ পিচত বাক্সা আৰক্ষীয়ে মুছলপুৰ সদৰ থানাত ৰুজু হোৱা ১০২য২০২৪ নম্বৰ গোচৰৰ ভিত্তিত প্ৰৱঞ্চক দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখে ৷ জেৰাকালত প্ৰৱঞ্চক দীপাংকৰে বহু বিস্ফোৰক তথ্য সদৰী কৰা বুলি জানিব পৰা গৈছে যদিও অধিক তদন্তৰ খাতিৰত সেয়া আৰক্ষীয়ে সাংবাদিকক কোৱাৰ পৰা বিৰত থাকে৷ কাইলৈ প্ৰৱঞ্চক দীপাংকৰক আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে জিম্মালৈ অনাৰ সম্ভাৱনা আছে৷(Online trading scam)

উল্লেখ্য যে ইতিমধ্যে বাক্সাৰ ১০০ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত মুছলপুৰৰ মাইনাও ব্ৰহ্মৰ সৈতে জড়িত হৈ টিহুৰ ভোজকুছিৰ যুৱক তথা আই চি আই চি আই বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী দীপাংকৰ ভট্টৰ গৃহত আৰক্ষীৰ দলে অনুসন্ধান চলাই দীপাংকৰৰ ক’লা বৰণৰ ‘ফৰচুনাৰ’ বাহনখনৰ লগতে তিনিখন মটৰ চাইকেল আৰু স্কুটী জব্দ কৰাৰ উপৰি পৰিয়ালটোৰ বিভিন্ন বেংক একাউণ্ট আৰু এটিএম কাৰ্ড জব্দ কৰিছিল ৷

প্ৰণিধানযোগ্য যে দীপাংকৰ ভট্টই বিগত চাৰি বছৰৰ ভিতৰতে অবৈধ ট্ৰেডিঙৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আহৰণ কৰি পাঠশালা আৰু টিহু অঞ্চলৰ কেবা ঠাইতো নামে-বেনামে মাটি ক্ৰয় কৰাৰ উপৰি কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান খুলি বহু ধন বিনিয়োগ কৰি বিশাল সম্পত্তিৰ অধিকাৰী হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ (deepankar bhatt)

দেওবাৰে মাইনাও ব্ৰহ্মৰ সহযোগী দীপাংকৰ ভট্টই আত্মসমৰ্পণ কৰাৰ খবৰ বিয়পি পৰাৰ পাচতে মুছলপুৰ আৰক্ষী থানাৰ সম্মুখত বহুলোকে ভিৰ পৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে দুদিন পূৰ্বে দীপাংকৰ ভট্টৰ দুই সহযোগী তথা আই চি আই চি আই চি বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী ক্ৰমে মংগলদৈৰ জ্যোতিষ্মান শৰ্মা আৰু নিকাচীৰ সুমিত বৰ্মনক আৰক্ষীয়ে বঙাইগাঁওত গ্ৰেপ্তাৰ কৰিছিল৷ সম্প্ৰতি এই দুই সহযোগীক আৰক্ষীয়ে পাঁচ দিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷

Comments are closed.