দীপাৱলী উপলক্ষে কন্যাৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰিলে বলীউডৰ দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনে। ৰণবীৰ-দীপিকাৰ কন্যাৰ এই প্ৰথম ফটোখনত লাখ লাখ লেকো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি শুভকামনা জনাইছে। ইয়াৰ লগতে দম্পতীহালে তেওঁলোকৰ কন্যাৰ নামো প্ৰকাশ কৰিছে।(Deepika Padukone Daughter Photo)কন্যাৰ নামৰ এটাও অতি শুভ অৰ্থ আছে। ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত দীপিকা পাডুকন আৰু ৰণবীৰ সিং পিতৃ-মাতৃ হৈছিল । পিতৃ-মাতৃ হোৱাৰ পিছত সন্তানৰ সৈতে এইবাৰ দীপিকা আৰু ৰণবীৰৰ প্ৰথম দীপাৱলী।(Deepika Padukone)
দীপাৱলীৰ বিশেষ উপলক্ষে দীপিকা-ৰণবীৰে তেওঁলোকৰ কন্যাৰ সুন্দৰ নামটো তেওঁলোকৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। ধুনীয়া দম্পতীহালে তেওঁলোকৰ কণমানি সন্তানৰ নাম ৰাখিছে “দোৱা পাডুকন সিং”। অনুৰাগীসকলে দোৱাৰ ফটো আৰু নামটো বৰ ভাল পাইছে। দম্পতীহালৰ এই পোষ্টক লৈ অনুৰাগীসকলে তেওঁলোকক বহুত প্ৰশংসা কৰিছে।(Ranveer Singh)
ৰণবীৰ আৰু দীপিকাৰ কন্যা সন্তানটিৰ নাম জানিবলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু এইদৰেই এই দীপাৱলীৰ বিশেষ উপলক্ষে ছুপাৰষ্টাৰ সকলে সঁচাকৈয়ে সকলোকে এটা ডাঙৰ চমক দিছে। দীপিকাই পোষ্ট কৰিছিল, ‘দোৱা পাডুকন সিং | ‘দোৱা’ মানে প্ৰাৰ্থনা। কাৰণ তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ। আমাৰ হৃদয় মৰম আৰু কৃতজ্ঞতাৰে ভৰি আছে। দীপিকা আৰু ৰণবীৰ।(Dua Padukone Singh)
এইবাৰ দীপাৱলীও দুয়োৰে বাবে বিশেষ। কাৰণ দুয়োজনে নিজৰ ব্যক্তিগত জীৱনত সুন্দৰকৈ উদযাপন কৰি আছে। দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে ২০১৮ বিবাহপাশত আৱদ্ধ হৈছিল।