Breaking

Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন

19

প্ৰথমবাৰৰ বাবে কন্যাক কোলাত লৈ থকা দেখা গ’ল দীপিকা পাডুকনক। সন্তানক লৈ ৰণবীৰ-দীপিকা উভতিল ঘৰলৈ।(Deepika padukone holds her daughter first photo viral)

বলীউডৰ বিখ্যাত দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং। যোৱা ৮ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হয় দুয়ো। এগৰাকী মৰমলগা কন্যাক সন্তানৰ পিতৃ-মাতৃ হয় দীপিকা পাডুকন আৰু ৰণবীৰ সিং। এতিয়া দীপিকাক হস্পিতালৰ পৰা ৰিলিজ দিয়া হৈছে আৰু ৰণবীৰৰ সৈতে কণমানিটিক লৈ দুয়ো উভতিছে ঘৰলৈ। শেহতীয়াকৈ তেওঁলোকৰ কিছুমান ফটো-ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দীপিকা আৰু ৰণবীৰক তেওঁলোকৰ কন্যাৰ সৈতে দেখা গৈছে। (Deepika padukone holds her daughter first photo viral)

কন্যা সন্তান জন্মৰ পিছত দীপিকা পাডুকনক কন্যাৰ সৈতে চিকিৎসালয়ৰ পৰা ওলাই অহা দেখা গ’ল। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে হাঁহিমুখেৰে গাড়ীৰে স্বামী ৰণবীৰ সিঙে কন্যাক কোলাত ধৰি চিকিৎসালয়ৰ পৰা ওলাই আহি দুয়ো ঘৰলৈ ৰাওনা হয়। এই ছবিবোৰ ওলোৱাৰ পিছত অনুৰাগীৰ সুখৰ সীমা নাই, অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত দম্পতীহালক অভিনন্দন জনাইছে আৰু লগতে তেওঁলোকৰ কণমানিটিলৈ আৰ্শীবাদ দিছে।

চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে দীপিকা পাডুকনেও নিজৰ ইনষ্টাগ্ৰাম বায়’ সলনি কৰিছিল। অভিনেত্ৰীগৰাকীয়ে হাস্যৰসেৰে নিজৰ নতুন বায়’ত লিখিছে ‘ফিড.বাৰ্প.স্লিপ.ৰিপিট’।

এই শাৰীবোৰে তেওঁৰ নতুন পাৰিবাৰিক জীৱনৰ আভাস দেখুৱাইছে। ৮ ছেপ্টেম্বৰত দীপিকা আৰু ৰণবীৰে ছ’চিয়েল মিডিয়াত কন্যা সন্তানৰ জন্মৰ ভাল খবৰটো শ্বেয়াৰ কৰি লিখিছিল, ‘ৱেলকাম বেবী গাৰ্ল ৮.৯.২০২৪’। এই পোষ্টটোৰ বাবে দম্পতীহালৰ সকলো অনুৰাগী আৰু চেলিব্ৰিটিয়ে অভিনন্দন জনায়। শ্বাহৰুখ খানেও দীপিকাক লগ কৰি অভিনন্দন জনাবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল। শ্বাহৰুখ খানৰ উপৰিও মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ বাকীসকলেও দীপিকা আৰু তেওঁৰ কন্যাক লগ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল।

লগতে পঢ়কঃ Deepika Padukone Daughter: ঐশ্বৰ্য-অনুষ্কাৰ পিছতে দীপিকা পাডুকন! সন্তানৰ যত্ন নিজেই ল’ব দীপিকাই

Comments are closed.