Breaking

Deepika Padukone Daughter: ঐশ্বৰ্য-অনুষ্কাৰ পিছতে দীপিকা পাডুকন! সন্তানৰ যত্ন নিজেই ল’ব দীপিকাই…

24

ঐশ্বৰ্য-অনুষ্কাক অনুসৰণ কৰিব দীপিকা পাডুকনে! নিজৰ কন্যা সন্তানৰ বাবে নেনী নিয়োগ নকৰে; নিজেই নিজৰ সন্তানৰ যত্ন ল’ব দীপিকাই।(Deepika Padukone To Not Have Nanny For Her Daughter)

চলিত বৰ্যৰ ৮ ছেপ্টেম্বৰত দীপিকা পাডুকন আৰু ৰণবীৰ সিং এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়। দুয়োগৰাকী তাৰকাৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি বলীউডৰ সকলোৱে অভিনন্দন জনায়। ইফালে আ এখ খবৰ চৰ্চালৈ আহিছে যে দীপিকাই কন্যাৰ বাবে নেনী নিয়োগ নকৰে। (Deepika Padukone To Not Have Nanny For Her Daughter)

গণেশ চতুৰ্থীৰ দ্বিতীয় দিনা দীপিকা পাডুকন আৰু ৰণবীৰ সিং এগৰাকী মৰমলগা কন্যা সন্তান জন্ম হয়। ৰণবীৰৰ ইচ্ছা আছিল কন্যা সন্তানৰ পিতৃ হোৱা আৰু এতিয়া এই সপোন পূৰণ হ’ল। কাৰণ তেওঁৰ কন্যা সন্তানটি তেওঁৰ পত্নী দীপিকাৰ দৰেই। শ্বাহৰুখ খান আৰু আম্বানী পৰিয়ালেও হাস্পতালত দীপিকাৰ খবৰ লৈছিল। এতিয়া এই দম্পতীয়ে সন্তানটিক ঘৰলৈ অনাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে।(Deepika Padukone)

ইফালে খবৰ ওলাইছে যে দীপিকা পাডুকনে হয়তো নিজৰ কন্যাৰ বাবে নেনী নিয়োগ নকৰে। সূত্ৰ অনুসৰি দীপিকাই নিজেই কন্যাৰ যত্ন লোৱাৰ ক্ষেত্ৰত ঐশ্বৰ্য ৰায় বচ্চন আৰু অনুষ্কা শৰ্মাক অনুসৰণ কৰিব। কেৱল এয়াই নহয়, ৰণবীৰ-আলিয়া আৰু অনুষ্কা-বিৰাটৰ দৰে দীপিকা আৰু ৰণবীৰেও নিজৰ কন্যাৰ ফটো সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিব আৰু উপযুক্ত সময় আহিলেহে কেমেৰা সন্মুখলৈ আনিব।

অৱশ্যে এই খবৰসমূহ নিশ্চিত হোৱা নাই বৰ্তমানলৈকে। আনহাতে ঐশ্বৰ্য ৰায় বচ্চনে কন্যা আৰাধ্যাক চোৱা-চিতা কৰিবলৈ কোনো নেনীৰ সহায় লোৱা নাছিল। জয়া বচ্চনেও তেওঁক প্ৰশংসা কৰি ‘হেণ্ডছ-অন-মম’ বুলি টেগ কৰিছিল। গতিকে দীপিকাইও কন্যাৰ বাবে এই পথ গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও আলিয়া-ৰণবীৰ কাপুৰ আৰু অনুষ্কা শৰ্মা-বিৰাট কোহলীয়ে দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ পৰা আঁতৰত ৰাখিছিল নিজৰ কন্যাৰ ফটো। যোৱা বছৰ আলিয়া-ৰণবীৰে কন্যা ৰহাৰ মুখ দেখুৱাইছিল। এনে পৰিস্থিতিত দীপিকা-ৰণবীৰেও তেওঁলোকৰ কন্যাক সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিব পাৰে।

দীপিকা আৰু ৰণবীৰে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকৰ অনুৰাগীৰ লগতে বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে এই বিশেষ খবৰটো শ্বেয়াৰ কৰি লিখিছিল ‘Welcome baby girl’। ইয়াৰ পিছতে সকলো অনুৰাগীৰ লগতে বলীউডৰ তাৰকাসকলেও দম্পতীহালক অভিনন্দন জনাই।

লগতে পঢ়কঃAkshay Kumar Announces Horror Comedy Movie: জন্মদিনত নতুন ভয়ানক হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ

Comments are closed.