Deepika-Ranveer Wedding Anniversary: প্ৰতিটো দিনেই পত্নীক প্ৰশংসা কৰাৰ দিন, কিন্তু আজি এটা বিশেষ দিন, বিবাহৰ ৬ বছৰ সম্পূৰ্ণ দীপিকা-ৰণবীৰৰ

বলীউডৰ দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে আজি ববাহৰ ৬ বছৰ সম্পূৰ্ণ কৰিলে। বহুদিনীয়া প্ৰেমৰ অন্তত ২০১৮ চনত দুয়োৰে বিয়া হৈছিল। শেহতীয়াকৈ এই দম্পতীয়ে তেওঁলোকৰ প্ৰথম সন্তান দোৱা পাডুকন সিঙক আদৰণি জনাইছে আৰু আজি দুয়োজনে ৬ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰিছে। এই উপলক্ষে চেলিব্ৰিটিসকলৰ লগতে দুয়োগৰাকী তাৰকাৰ অনুৰাগীয়েও বিবাহৰ ৬ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনাইছে।(Deepika-Ranveer Wedding Anniversary)

কেৱল এয়াই নহয়, ৰণবীৰ সিঙেও বিবাহৰ ৬ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁৰ পত্নী তথা অভিনেত্ৰী দীপিকা পাডুকনক অতি বিশেষ ধৰণেৰে শুভেচ্ছা জনায়।(Ranveer Singh) তেওঁ নিজৰ ইনষ্টাগ্ৰামত কিছুমান অতি বিশেষ মুহূৰ্তৰ ফটো-ভিডিঅ’ৰ শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে ৰনবীৰে কেপচনত দীপিকাৰ বাবে এটা অতি মৰমলগা বাৰ্তাও শ্বেয়াৰ কৰিছে, যি বাৰ্তা পঢ়াৰ পিছত, আপোনাৰ মুখতো হাঁহি বিৰিঙিব। (Deepika Padukone)

ৰণবীৰে কেপচনত লিখিছে, ‘প্ৰতিটো দিনেই পত্নীক প্ৰশংসা কৰাৰ দিন, কিন্তু আজি এটা বিশেষ দিন। #HappyAnniversary @deepikapadukone মই তোমাক বহুত ভাল পাওঁ।(Dua Padukone Singh)

Related Articles