অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। স্বাস্থ্যৰ অৱনতিৰ বাবে ৫৮ বছৰীয়া ৰহমানক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। কওঁ যে তেওঁৰ ডিহাইড্ৰেচনৰ সমস্যা আছিল।(Dehydration)
এ আৰ ৰহমানক বুকুৰ বিষৰ বাবে চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তথ্য অনুসৰি তেওঁৰ ইচিজিকে ধৰি কেইবাটাও পৰীক্ষা সম্পন্ন কৰা হৈছে। বুকুৰ বিষৰ অভিযোগত আজি পুৱা ৭.১০ বজাত চেন্নাইৰ গ্রীমছ ৰোডৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয়৷ জৰুৰীকালীন ৱাৰ্ডত চিকিৎসাধীন হৈ আছে। তেওঁৰ এঞ্জিঅ’গ্ৰাফীও কৰা হ’ব। তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে তথ্য অনুসৰি উপবাসে থকা ৰেহমানৰো পানীলগা ৰোগত ভুগিছিল।
ডিহাইড্ৰেচন কিয় হয়?
শৰীৰত পানীৰ অভাৱ হ’লে শৰীৰৰ কাম-কাজ বজাই ৰখাত অসুবিধাৰ সৃষ্টি হয়। ডিহাইড্ৰেচনৰ বহু কাৰণ হ’ব পাৰে, কিছুমান প্ৰধান কাৰণ হ’ল-
কম পানী খোৱা
ঘাম ওলোৱা
অসুস্থতা বা সংক্ৰমণ
গৰ্ভাৱস্থা বা স্তনপান কৰাই থকা অৱস্থা
বয়স
পানীলগাৰ লক্ষণসমূহ হ’ল-
পিয়াহ অনুভৱ কৰা
ভাগৰুৱা অনুভৱ কৰা
মূৰৰ বিষ হোৱা
মুখ শুকান
প্ৰস্ৰাৱ কমি যোৱা
ছাল শুকুওৱা
ডিহাইড্ৰেচনৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু ইলেক্ট্ৰ’লাইট খোৱাটো গুৰুত্বপূৰ্ণ।