Breaking

অইলৰ সামাজিক দ্বায়বদ্ধ আঁচনিৰ ধন অনুমোদনৰ বিলম্ব, জিলা উপায়ুক্তলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতিৰ স্মাৰক পত্ৰ

0 1,326

টিংখাং : বিভিন্ন সময়ত অইল ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ প্ৰৱল দাবীত “অইল” কৰ্তৃপক্ষই সামাজিক দ্বায়বদ্ধ আঁচনিৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বাট-পথ, বিদ্যালয় গৃহ, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আদি নিৰ্মাণৰ বাবে লাখ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰি আহিছে যদিও এক জটিল প্ৰক্ৰিয়াৰ জৰিয়তেই কাম কাজ সমূহ সম্পাদন কৰিবলগীয়া হোৱাত বহু সময়ত কামৰ গতিত স্থবিৰতাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। অইলে জিলা উপায়ুক্তৰ জৰিয়তে স্থানীয় প্ৰশাসনৰ ৰাজহ চক্ৰ বিষয়া আৰু কণ্ঠ উন্নয়ন বিষয়াক সামৰি এক জটিল প্ৰক্ৰিয়াৰ জৰিয়তেই ধন সমূহ ব্যৱহাৰ বাবে অনুমোদন প্ৰদান কৰে। এনে দীৰ্ঘ প্ৰক্ৰিয়াৰ জৰিয়তেই সম্পাদন কৰিবলৈ যাওঁতে এটা কাম সম্পূৰ্ণ কৰোঁতে পাচ ছয় বছৰ পৰ্য্যন্ত সময় লাগে। ফলত বহু সময়ত ৰাইজে আশা কৰা মতে কাম সম্পূৰ্ণ নহয়। অইল আৰু জিলা প্ৰশাসনৰ এনে জটিলতাৰ বাবেই বহু সময়ত নিৰ্মাণ সমিতি সমূহৰ লগতে অইলৰ ভাৱমূৰ্তি জনমানসত কলংকৃত হোৱা দেখা যায়। এনে পৰিপ্ৰেক্ষিতত অনুদানৰ ধন অনুমোদন কৰাৰ প্ৰক্ৰিয়া সৰলিকৰণ কৰাৰ লগতে সমুদায় ধন কমেও দুটা কিস্তিত দিয়াৰ ব্যৱস্থা কৰিবলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি (উত্তৰ পূৰ্বাঞ্চল)ৰ ডিব্ৰুগড় জিলা সমিতিয়ে দাবী কৰিছে। ইতিমধ্যে জিলা সমিতিৰ সভাপতি -মিন্টু কোঁৱৰ আৰু সম্পাদক দ্বীপেন হাজৰিকাই ডিব্ৰুগড় জিলা উপায়ুক্তক এক স্মাৰক পত্ৰৰ জৰিয়তে কৰিলে আগবঢ়োৱা সকলো দান অনুদান মুকলি কৰাৰ প্ৰক্ৰিয়া সৰলিকৰণ কৰিবলৈ দাবী জনাইছে। স্মাৰক পত্ৰৰ জৰিয়তে কয় যে অনুদানৰ ধন ব্যয় কৰাৰ ক্ষেত্ৰত থকা জটিলতাৰ বাবেই নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা মন্থৰতাই পৰোক্ষভাৱে জিলা প্ৰশাসন আৰু অইলৰ ভাৱমূৰ্তি জনমানসত অৱনমিত কৰিছে। এনে ক্ষেত্ৰত বিষয়টো গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰি সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি (উত্তৰ পূৰ্বাঞ্চল)ৰ তৰফৰ পৰা স্মাৰক পত্ৰৰ জৰিয়তে সজোৰে দাবী জনায়।

Leave A Reply

Your email address will not be published.