Delhi Bomb Blast: দিল্লী বিস্ফোৰণৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ বা এন আই এলৈ হস্তান্তৰ কৰাৰ সম্ভাৱনা

নতুন দিল্লী, ২০ অক্টোবৰ: দিল্লীৰ প্ৰশান্ত বিহাৰ অঞ্চলত অৱস্থিত চি আৰ পি এফ বিদ্যালয়ৰ দেৱালৰ সমীপত দেওবাৰে পুৱা সংঘটিত হোৱা বিস্ফোৰণ(Delhi Bomb Blast)ৰ পাছতে বিস্ফোৰক আইন(Explosives Act)ৰ অধীনত প্ৰশান্ত বিহাৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব বিশেষ কোষ অথবা এন আই এ(NIA investigation)লৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে । বিস্ফোৰণৰ পিছতে ঘটনীস্থলীত উপস্থিত হোৱা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ এটা দলে প্ৰায় পাঁচ ঘণ্টা ধৰি অনুসন্ধান কৰাৰ লগতে বিভিন্ন তথ্য প্ৰমাণ সংগ্ৰহ কৰে(National Investigation Agency)। ইফালে ঘটনাৰ পিছতে গৃহ মন্ত্ৰালয়ে দিল্লী আৰক্ষীৰ পৰা ঘটনাৰ প্ৰতিবেদন বিচৰাত প্ৰাথমিক তদন্তৰ এক প্ৰতিবেদন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে ।

ঘটনাস্থলীক উপস্থিত প্ৰতিটো অনুসন্ধানকাৰী সংস্থাৰ বিশেষজ্ঞই সেই স্থানৰ পৰা ৰাসায়নিক সামগ্ৰীকে ধৰি অন্যান্য নমুনাসমূহ সংগ্ৰহ কৰি ওচৰৰ মুকলি স্থানত নিজৰ নিজৰ স্তৰত প্ৰাইমা ফেচি পৰীক্ষা কৰে। এই মুহূৰ্তলৈকে এই বিস্ফোৰণত নাইট্ৰেট আৰু ক্লৰাইড ব্যৱহাৰ হোৱা বুলি অনুমান কৰা গৈছে । সাধাৰণতে এনেবোৰ সামগ্ৰীক উচ্চ ক্ষমতা সম্পন্ন বিস্ফোৰক বুলি গণ্য কৰা নহয় । ইফালে সেই স্থানৰ পৰা কোনো টাইমাৰ, ডিটনেটৰ, তাঁৰ, বেটাৰী, ঘড়ী আদিৰ দৰে কোনো সামগ্ৰী উদ্ধাৰ নোহোৱাত অনুসন্ধানকাৰী সংস্থাসমূহে বিস্ফোৰণটো কেনেকৈ সংঘটিত হ’ল সেইয়া এতিয়াও উদ্ঘাটন কৰিব পৰা নাই। সংস্থাসমূহে ধাৰণা কৰা অনুসৰি, ৰিম’টৰ জড়িয়তে বিস্ফোৰণটো সংঘটিত কৰা হৈছিল(Prashant Vihar explosion) ।

অনুসন্ধানকাৰী সংস্থাই জনোৱা মতে, বিস্ফোৰণটোত বহু পৰিমানৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল। যদিও ইয়াক থলুৱা অৰ্থাৎ খাৰুৱা বোমাৰ দৰেও দেখা নাযায়। কাৰণ খাৰুৱা বোমাত চিঁচা, নখ আৰু শ্ৰাপনেল আদি ব্যৱহাৰ কৰা হয়। ৰেডিঅ’-সক্ৰিয় কৰা সঁজুলিৰ দৰে কোনো সামগ্ৰী আছে নেকি সেইয়া নিৰ্ধাৰণ কৰিবৰ বাবে ঘটনাস্থলীলৈ এনডিআৰএফৰ দলকো অনা হৈছিল যদিও অনুসন্ধানত তেনে কোনো সামগ্ৰী নগ’ল।

অনুসন্ধানকাৰী সংস্থাসমূহে অনুমান কৰা অনুসৰি, উৎসৱৰ সময়চোৱাত আতংক বিয়পাবৰ বাবেই কোনোবাই এনে ধৰণৰ কাৰ্য্য কৰিছে। বিস্ফোৰণৰ সমগ্ৰ ঘটনাটো কাষৰ চিচিটিভি কেমেৰাত বন্দী হৈছিল। ফুটেজত স্পষ্টকৈ দেখা পোৱা গৈছে যে, পুৱা ৭:০২ বজাত, বিদ্যালয়খনৰ সন্মুখৰ পথচোৱাৰে বাহনসমূহ চলাচল কৰি আছে। । ইয়াৰ পিছতে ঠিক ৭:০৩ বজাত বিদ্যালয়খনৰ দেৱালৰ সমীপতে এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ পিছত সমগ্ৰ অঞ্চলটো আৱৰি পেলাই ধোঁৱাৰে ।

Related Articles