Breaking

পুনৰ গ্ৰেপ্তাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

0 19

পুনৰ দিল্লীৰ ৰাউচ এভিনিউ আদালতত ইডিয়ে কেজৰিৱালক হাজিৰ কৰাৰ পাছতে চিবিআইয়ে আদালতৰ অনুমতি সাপেক্ষে সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অৰবিন্দ কেজৰিয়ালক । আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যয়ালয়ত বিচাৰ আদালতৰ জামিন আদেশক কাৰ্যকৰী কৰণৰ বাবে যি আবেদন দাখিল কৰিছিল সেই আবেদনো দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যাহাৰ কৰিছে। ন্যায়াধীশ মনোজ মিশ্ৰ আৰু এছ ভি এন ভাট্টিৰ বিচাৰপীঠে তেওঁক এই আবেদন প্ৰত্যাহাৰৰ অনুমতি প্ৰদান কৰিছে । উল্লেখ্য যে আদালতত চি বি আইৰ ফালৰ পৰা কোৱা হৈছিল যে, সুৰা নীতি কেলেংকাৰীৰ সন্দৰ্ভত লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক তেওঁলোকে সোধপোছ কৰিব নোৱাৰিলে ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে মঙ্গলবাৰে চিবিআইয়ে তিহাৰ কাৰাগাৰতে কেজৰিৱালক পৰীক্ষা কৰি সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত তেওঁৰ ভাষ্য লিপিবদ্ধ কৰিছিল। ইয়াৰ পিছতে আপ নেতাগৰাকীৰ জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভিয়ে দিল্লী উচ্চ ন্যায়ালয়ে ২৫ জুনত এক বিতং নিৰ্দেশনা প্ৰদান কৰিছে সেয়ে “ছাছটেনেবল আপীল” দাখিল কৰিব বুলি উল্লেখ কৰে । উল্লেখ্য যে, ২১ মাৰ্চৰ পৰাই অৰবিন্দ কেজৰিয়াল ইডিৰ জিম্মাত আছিল যদিও নিৰ্বাচনৰ প্ৰচাৰৰ বাবেহে উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল । ইফালে দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰ আদালতে প্ৰদান কৰা কেজৰিৱালৰ জামিন আদেশ স্থগিত অনুসৰি বিচাৰ আদালতে অন্ততঃ মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ ধাৰা ৪৫ ৰ দ্বৈত চৰ্তাৱলী পূৰণৰ সৈতে সন্তুষ্টি লিপিবদ্ধ কৰিব লাগিছিল ।

Leave A Reply