শীঘ্ৰে অসমলৈ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল; অসমৰ আম আদমি পাৰ্টীৰ প্ৰতিনিধি দলৰ অৰবিন্দ কেজৰিৱালক সাক্ষাৎ

দিল্লী, পঞ্জাবত আম আদমি পাৰ্টীৰ চৰকাৰ গঠনৰ পাছত ২০২৬ত অসমত চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ পৰিছে দলটো। যোৱা ১০ ফেব্ৰুৱাৰীত আপ, অসমৰ এটা ৩৫ জনীয়া দলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰন সম্পাদক (সংগঠন) ড০ সন্দীপ পাঠকক সাক্ষাৎ কৰি অসমত দলটোৱে সাংগঠনিক কাম-কাজৰ বিষয়ে অৱগত কৰে।

আপ, অসমৰ সমন্বয়ক ডা০ ভবেন চৌধুৰী আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ নেতৃত্বত দলটোৱে অসমৰ সাংগঠনিক দিশটোত আলোকপাত কৰে আৰু কেজৰিৱাল ডাঙৰীয়াই সমগ্ৰ বিষয়টোত সন্তুষ্টি ব্যক্ত কৰে। তেওঁ অসমলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে এটা কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াৰ দল অতি শীঘ্ৰে অসমলৈ পঠিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

চলিত বছৰত অসমত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ২০২৪ৰ লোকসভা আৰু ২০২৬ৰ বিধানসভা নির্বাচনত আম আদমি পার্টীয়ে অংশ গ্ৰহণ কৰিব বুলি নেতাজনে প্রতিনিধি দলটোক অৱগত কৰাৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক কাম-কাজ আগ বঢ়াই লৈ যাবলৈ সকলোকে আহ্বান জনায়। লগতে কেজৰিৱালে অসমৰ সাংগঠনিক কাম-কাজ নিজে তদাৰক কৰিব বুলি জানিবলৈ দিয়ে।

আপ অসমৰ ৩৫ জনীয়া সজাতি দলটোৱে ১০ আৰু ১১ ফেব্ৰুৱাৰীত দিল্লীৰ কেইবাখনো চৰকাৰী বিদ্যালয়, মহল্লা ক্লিনিক আৰু দিল্লী চৰকাৰৰ উন্নয়নমূলক কাৰ্য্য পৰিদর্শন কৰে।

Related Articles