আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে ৰেখা গুপ্তাই।(Delhi CM Rekha Gupta) মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে ছজন বিধায়কে দিল্লীত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই মন্ত্ৰীসকলৰ ভিতৰত আছে প্ৰবেশ ভাৰ্মা, আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, ৰবিন্দৰ ইন্দ্ৰজ সিং, কপিল মিশ্ৰ আৰু পংকজ কুমাৰ সিং। উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই প্ৰথমে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক শপত গ্ৰহণ কৰাই, তাৰ পিছতে পৰ্বেশ ভাৰ্মা, আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, কপিল মিশ্ৰ, পংকজ কুমাৰ সিং আৰু শেষত ৰবিন্দৰ ইন্দেৰাজ সিঙে শপত গ্ৰহণ কৰে।
শপত গ্ৰহণৰ সময়ত ৰামলীলাৰ খেলপথাত ব্যাপক জনসমাগম। শপতগ্ৰহণৰ বাবে তিনিটা পৃথক মঞ্চ প্ৰস্তুত কৰা হৈছিল। মূল মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ-ৰাজ্যপাল ভি কে ছাক্সেনা, মনোনীত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সহযোগী সদস্য আৰু এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। দ্বিতীয় মঞ্চত ধৰ্মগুৰু আৰু বিশেষ অতিথি উপস্থিত থকাৰ বিপৰীতে তৃতীয় মঞ্চত সংগীত অনুষ্ঠানৰ সৈতে জড়িত শিল্পীসকল উপস্থিত থাকে।(oath ceremony)
প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী-বিজেপিৰ মুৰব্বী জে পি নড্ডাই দিল্লীৰ মুখ্যমন্ত্ৰী নিযুক্ত আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰামলীলা ময়দানত উপস্থিত হয়।
দিল্লীৰ নির্বাচিত মুখ্যমন্ত্রী ৰেখা গুপ্তাই বৃহস্পতিবাৰে আশ্বাস দিয়ে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে মহিলাক মাহিলী ২৫০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব। গুপ্তাই কয় যে মাহেকীয়া সাহায্যৰ প্ৰথম কিস্তি অহা ৮ মাৰ্চৰ ভিতৰত যোগ্য মহিলাৰ একাউণ্টত জমা কৰা হ’ব। আম আদমী পাৰ্টিয়ে ক্ষমতালৈ আহিলে মহিলাৰ বাবে মাহেকীয়াকৈ ২১০০ টকা সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল। একে সময়তে বিজেপিয়ে ২৫০০ টকাৰ মাহেকীয়া সাহায্যৰ প্ৰতিশ্ৰুতি দিছিল।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই শপত গ্ৰহণৰ পূৰ্বে শ্ৰী মাৰ্ঘাট ৱালে হনুমান বাবা মন্দিৰত উপস্থিত হৈ আৰ্শীবাদ লয়।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ স্বামী মনীষ গুপ্তাই কয়, ‘আমি কেতিয়াও ভবা নাছিলো যে তেওঁ (ৰেখা গুপ্তা) দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব। এক অলৌকিক যেন লাগে… দলটোৱে আমাক ইমান সন্মান দিয়াটো আমাৰ বাবে সুখৰ কথা।